ASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুক মহানগৰলৈ ৰূপান্তৰিত কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ৷ সোমবাৰে পুৱাৰ ভাগত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে টীম কাৰবি আংলঙক লগতলৈ ব্যয় বহুল একাধিক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ কাৰ্য থলীত কাৰবি নিয়মেৰে ভূমি পূজন সম্পন্ন কৰা হয় ৷
ৰাজ্য চৰকাৰৰ বিত্তীয় আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰৰ হাডকো পৰিকল্পনাৰ জৰিয়তে আবণ্টিত পুঁজীৰে ডিফুৰ ৰংখেলানত, ২২ কোটি টকাৰ ব্যয় সাপেক্ষে শ্বপিং কমপ্লেক্স, ডিফুৰ ছেৰিকালচাৰ চৌহদত ৮ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে মালটি ষ্টৰড্ পাৰ্কিং, ডিফুৰ মাটিপুঙত প্ৰথম বাৰৰ বাবে জিলাখনৰ ভিতৰত ৪৪ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক আৰ্হিৰ কাৰবি অতিথি শালা, আৰু ৭ কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষে টাউন হল নিৰ্মানৰ আধাৰশিলা নিৰ্মাণৰ লগতে ভূমি পূজন সম্পন্ন কৰে ৷
আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকালাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে উক্ত নিৰ্মাণ কাৰ্যসমূহ এবছৰৰ ভিতৰত নিৰ্মাণ কৰিবলৈ ঠিকাদাৰৰ সৈতে চুক্তি কৰা হব ৷ চহৰখনক নিশাৰ ভাগত শীঘ্ৰে উজলাই তুলিবলৈ ২০ টাকৈ উচ্চ ক্ষমতা সম্পন্ন হাইমেক্স পাৱাৰ লাইট স্থাপন কৰাৰ লগতে চহৰখনৰ ১৪ টা ৱাৰ্ডত ৫০০ টা ষ্ট্ৰীট সৌৰ চাকি স্থাপন কৰা হব বুলি কয় ৷
আনহাতে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে অনাগত দিনত চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভ’লপমেণ্ট ফাণ্ডৰ জৰিয়তে চহৰখনত আন্ত:ৰাজ্যিক বাছ টাৰ্মিনেল, ডিফু হৰিজন কলনিত ট্ৰাক পাৰ্কিং, নিউ মাৰ্কেট কমপ্লেক্স, কমাৰ্চ কমপ্লেক্স, প্ৰতিটো ৱাৰ্ডত উপযুক্ত ড্ৰেইনেজ পদ্ধত্ৰে পেভাৰ্ট ব্লকেৰে পথ নিৰ্মাণ আৰু ধৰমনালাত নদী বান্ধ আদি নিৰ্মাণৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰাৰ লগতে পাহাৰীয়া জিলাখনত বন্ধ সংস্কৃতি পৰিহাৰ কৰি কৰ্ম সংস্কৃতি, ক্ৰীড়া সংস্কতি আদিক আকোঁৱালি লবলৈ আহ্বান জনায় ৷













