ASSAM TIMES POST
ডিফুঃ ‘ কিড মিছ ইণ্ডিয়া ইণ্টাৰ নেছনেল ট্যুৰিজিম’ ৰ বিজয়ী মিছ জদ্ৰিছা টকবিপীক আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ আজি পুৱা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্মিত সচিবালয়ৰ প্ৰেক্ষাগৃহত কণমানি মিছ ইণ্ডিয়া বিজয়ী গৰাকীক এক বৰ্ণাঢ্য অনুষ্ঠানৰ জৰিয়তে সম্মান প্ৰদৰ্শন কৰি পৰিষদে ১ লাখ টকাৰ চেক ,বুকি, পহ’ প্ৰশস্তি পত্ৰ আৰু নানান উপহাৰৰ টোপোলাৰে ওপচাই পেলোৱা হয় ৷
কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শিশু মিছ ইণ্ডিয়া বিজয়ী গৰাকীক কাৰ্বি জাতিৰ বাবে গৌৰৱ কঢ়িওৱাই অনাৰ বাবেই বিশেষ ভাবে প্ৰশংসা কৰাৰ লগতে ১ লাখ টকাৰ সাহায্য আৰু উপহাৰৰ টোপোলা প্ৰদান কৰে ৷ কণমানি সুন্দৰী গৰাকীক পৰিষদৰ ওপৰিও কাৰ্বি আংলঙৰ বিভিন্ন সংগঠন, সামাজিক সংগঠন আদিয়েও সম্বৰ্ধনা জ্ঞাপন কৰে ৷
আনহাতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত জদ্ৰিছা টকবিপীৰ পিতৃ- মাতৃ ক্ৰমে জেশ্বৰ টকবী আৰু ৰুণালী বৰাকো সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখযোগ্য যে, গুৱাহাটীৰ মাছখোৱা আই টি এ প্ৰেক্ষাগৃহত অনুষ্ঠিত ” কিড মিছ ইণ্ডিয়া ইণ্টাৰনেছনেল ট্যুৰিজিমৰ” উদ্যোগত অনুষ্ঠিত সুন্দৰী প্ৰতিযোগিতাত নিজৰ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰা ১৭০ গৰাকী প্ৰতিযোগীৰ ভিতৰত বিজয়ীৰ খিতাপ লৈ বিশ্বনাথ জিলাৰ চিলাইখাটি গাঁৱৰ শিশু কণ্যা সুন্দৰী গৰাকী জিলা তথা কাৰবি জাতিলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷












