ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং: বগাহাতীত পৰিণত হৈছে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেঙস্থিত পশু চিকিৎসালয়খন৷ ইয়াত চৰকাৰী চিকিৎসক আৰু কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি ব্যক্তিগত চিকিৎসকৰদ্বাৰা পশুধনৰ চিকিৎসা কৰাৰ লগতে দৰৱ-পাতিও অধিক মূল্যত বজাৰৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে৷
পশ্চিম কাৰ্বি আংলঙৰ আমৰেং পৰিষদীয় সমষ্টিৰ জিৰিকিন্দেঙত অৱস্থিত পশু চিকিৎসালয়খনত ২০১৫ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ পশু চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা আৰু স্থানীয় পৰিষদীয় সদস্যা এলিছ ইংতিপিয়ে নতুন গৃহ উন্মোচন কৰি কৰ্মচাৰীসকলক বাসৰ উপযোগী কৰি দিছিল যদিও আজিলৈকে কোনো এজন কৰ্মচাৰীয়ে স্থায়ীভাৱে ইয়াত থাকি সেৱা আগবঢ়োৱা নাই৷
পশু চিকিৎসালয়খনত কৰ্মৰত ৰংপি আৰু টিমুং উপাধিৰ দুগৰাকী চিকিৎসকে মাজে-সময়ে আহে যদিও স্থায়ীভাৱে থকা দেখা নাই স্থানীয় ৰাইজে৷ ব্যক্তিগতভাৱে এগৰাকী পশু চিকিৎসকে ডিফুৰ পৰা আহি অঞ্চলটোত থকা পশুধন সমূহৰ চিকিৎসা প্ৰদান কৰাৰ লগতে দৰৱ-পাতিৰো যোগান ধৰি আহিছে।
আনহাতে, জিৰিকিন্দেঙৰ এই পশু চিকিৎসালয়খনৰ সন্মুখতে অৱস্থিত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত স্থানীয় ৰাইজে পশুধনৰ চিকিৎসা আৰু দৰৱ বিচৰা কাৰ্যই বিভাগটোৰ অকৰ্মণ্যতাক উদঙাই দিছে৷ বৰ্তমানৰ স্থানীয় পৰিষদীয় সদস্যা ৰীণা তেৰাংপীয়ে নিৰ্বাচনৰ সময়ত সমষ্টিটোৰ উন্নয়নত অধিক গুৰুত্ব দিব বুলি প্ৰদান কৰা প্ৰতিশ্ৰুতিক তীব্ৰভাষাৰে সমালোচনা কৰিছে ভুক্তভোগী ৰাইজে৷












