ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহ পৰিষদীয় সমষ্টি ৬ নং বিথুং-ৰেংথামাত সদস্য ভৰ্তিৰে সংগঠন পৰ্ব অভিযান ৷ দেওবাৰে টুম্প্ৰেঙ বজাৰৰ মাজ-মজিয়াত অনুষ্ঠিত হোৱা এই সংগঠনপৰ্ব অভিযানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷
বিগত লোকসভা নিৰ্বাচনত উত্তৰ-পূৱৰ ২৫ খন লোকসভাৰ সংসদীয় সমষ্টিৰ ভিতৰত তিনি পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ৩ নং ডিফু লোকসভা সমষ্টিৰ হৰেণছিং বে’য়ে সৰ্বাধিক ভোট লাভ কৰা বিষটোৱে পাহাৰীয়া জিলাখনত বিজেপি উত্থানৰ কথাই প্ৰমাণ দিছে বুলি সভাত উল্লেখ কৰে ৰংহাঙে ৷
কাৰ্বি আংলঙৰ ৰাইজে বিকাশ দেখিছে বুলি মন্তব্য কৰাৰ লগতে আমি কথাৰে নহয় কামেৰে পৰিচয় দিছোঁ বুলি উল্লেখ কৰে ৷ আধাৰশিলা স্থাপনেৰে ৰাইজক সাক্ষী লৈ উন্নয়নৰ দিশত আগবাঢ়ি যোৱাৰ বাবে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে ভাৰতীয় জনতা পাৰ্টীক ৰাইজে আঁদৰি লৈছে বুলি সদৰী কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷












