ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফুঃ নৱম আৰু দশম শ্ৰেণীৰ বাবে থকা পাঠ্যপুথি ‘বৈচিত্ৰময় অসম’ৰ পৰীক্ষাৰ বাবে নিৰ্বাচিত পাঠ সমূহৰ ভিতৰত বিবেচিত নহ’ ল কাৰবি- ডিমাচা ৷ এই লৈ আজি প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুৱনেতা ড: মংবে ৰংপিয়ে ডিফুস্থিত নিজা বাসভৱনত এক সংবাদ মেলৰ আয়োজন কৰি ক্ষোভ উজাৰে ৷
চলিত শিক্ষা বৰ্ষৰ পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বছৰেকীয়া পৰীক্ষা আৰু দশম শ্ৰেণীৰ প্ৰি টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ বাবে নিৰ্বাচিত পাঠ সমূহৰ ভিতৰত কাৰবি আৰু ডিমাছা সকলৰ বিষয়ে থকা পাঠ সমূহ অন্তৰ্ভূক্ত নোহোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ নেতা গৰাকীয়ে ৷
সংবাদ মেলত যুৱনেতা গৰাকীয়ে সদৰি কৰি যোৱা ২৬ জুলাইত ছেবাৰ সচিব সুৰঞ্জনা কছাৰী স্বাক্ষৰিত এক নিৰ্দেশনা পাঠ কৰি নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে আহোম, কোচ ৰাজবংশী আৰু কাছাৰ জনগোষ্ঠীৰ বিপৰীতে দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে বড়ো, মৰাণ আৰু সোণোৱাল কছাৰী সকলৰ পাঠ অন্তৰ্ভূক্ত কৰা হৈছে যদিও অসমৰ কলম্বাছ ৰূপে খ্যাত কাৰবি আৰু অসমৰ প্ৰাচীন জনগোষ্ঠীৰ ডিমাচা সকলৰ নাম অন্তৰ্ভূক্ত নহ’ল৷
পৰৱৰ্তী সময়ত পাঠ্যপুথিৰ পৰাই এই জনগোষ্ঠী দুটাৰ বাদ পৰাৰ আশংকা প্ৰকাশ কৰিছে ড: মংবে ৰংপিয়ে ৷ কংগ্ৰেছৰ যুৱ নেতা গৰাকীয়ে শীঘ্ৰে অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু কাৰবি আংসং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষাবিভাগৰ কাৰ্যবাহী সদস্য জগতছিং ইংতি সংশোধনীৰ জৰিয়তে কাৰবি আৰু ডিমাছা জনগোষ্ঠী দুটাৰ বিষয়ো অন্তৰ্ভূক্ত কৰিবলৈ আহমবান জনায় ৷













