ASSAM TIMES POST
নিউজ ডেস্ক:
বিশিষ্ট অভিনেত্ৰী তথা নাট্যকৰ্মী ঊষা গাংগুলিৰ ৭৫ বছৰ বয়সত দেহাৱসান ঘটে। বৃহস্পতিবাৰে পুৱা মৃত্যু হয় বংগৰ প্ৰখ্যাত নাট্যকৰ্মী তথা ‘ৰংগকৰ্মী’ নাট্যগোষ্ঠীৰ প্ৰতিষ্ঠাতা ঊষা গাংগুলিৰ।
উল্লেখযোগ্য যে বঙালী অধ্যুষিত পশ্চিম বংগত হিন্দী নাট মঞ্চস্থ কৰি সাফল্যৰ শীৰ্ষত আৰোহণ কৰা দুগৰাকী বিশিষ্ট শিল্পীৰ ভিতৰত এগৰাকী আছিল ঊষা গাংগুলি আৰু আনগৰাকী হ’ল ১৯৭২ত ‘পদাতিক’ৰ প্ৰতিষ্ঠাতা শ্যামানন্দ জালান।পূৰ্বতে উত্তৰ প্ৰদেশৰ নেৰভা গাঁওৰ বাসিন্দা হ’লেও ঊষা গাংগুলিৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ৰাজস্থানত।
তাতেই তেওঁ ভাৰত নাট্যমৰ শিক্ষা লয়। পিছত তেওঁ কলকাতালৈ আহি শ্ৰী শিক্ষায়াতন কলেজৰ পৰা হিন্দী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁৰ জীৱনৰ প্ৰথম অভিনয় আছিল ‘মিত্তি কা গাড়ী’ নাটকত বসন্ত মেনাৰ ভূমিকাত অভিনয়।
ইয়াৰ ৬ বছৰ পিছত তেওঁ ‘ৰংগকৰ্মী’ প্ৰতিষ্ঠা কৰে। তেওঁৰ পৰিচালিত উল্লেখযোগ্য নাটসমূহ হ’ল মহাভোজ, ৰুদালি, হোলী, সৰহদ পাৰ মানট, চণ্ডালিকা আদি। ইয়াৰ উপৰি ২০০৪ চনত ঋতুপৰ্ণ ঘোষৰ ‘ৰেইনকোট’ৰ চিত্ৰনাট্য লিখাতো সহায় কৰিছিল।
১৯৯৮ চনত পৰিচালনাৰ বাবে সংগীত নাটক অকাডেমি বঁটা তেওঁ লাভ কৰিছিল। ইয়াৰ উপৰি ইবছেনৰ নাটক ‘A Dolls House’ৰ অৱলম্বনত ‘গুৰিয়া ঘৰ’ত কৰা অভিনয়ৰ বাবে পশ্চিম বংগ চৰকাৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানো লাভ কৰিছিল।