ASSAM TIMES POST
গুৱাহাটীঃ অসম চৰকাৰলৈ অসম কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আহ্বান জনাই যে, কৰ’না ভাইৰাছৰ এই মহামাৰীত অসম চৰকাৰৰ লগতে অসমবাসীৰ সৈতে কংগ্ৰেছ পাৰ্টিয়ো সদায় কৰি গৈ থাকিব। সেয়েহে, অসম চৰকাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিব লাগে। কিন্তু সামাজিক দূৰত্ব বজায় ৰখাটো সকলোৰে দায়িত্ব। তালৈ চাই তেওঁ চৰকাৰক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজনৈতিক দলকলৈ এখন বৈঠক অনুষ্ঠিত কৰি চৰকাৰে দুখীয়া ৰাইজৰ বাবে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে জনাব লাগে।












