ASSAM TIMES POST
ডিফুঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰণৰ বাবে গঠন কৰি দিয়া উচ্চ ক্ষমতা সম্পন্ন কমিটিত পাৰ্ত্য জনজাতিৰ কোনো প্ৰতিনিধিক অন্তৰ্ভূক্তি নকৰা কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে এএছডিচিয়ে ৷ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ সভাপতি, সম্পাদক ক্ৰমে, হলিৰাম তেৰাঙ আৰু জৎছন বে’ই আজি বিয়লি ডিফুত দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি কয় যে, অসম চুক্তি স্বাক্ষৰৰ সময়তো পাৰ্বত্য জনজাতিক আস্থাত লোৱা হোৱা নাছিল৷
সেয়ে উক্ত চুক্তিৰ আধাৰত গ্ৰহণ কৰা যিকোনো পদক্ষেপে ইয়াৰ জনজাতীয় লোক সকলৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ তৰে এএছডিচিৰ সভাপতি গৰাকীয়ে ৷ চুক্তিখনৰ ৬ নং দফা কাৰ্যকৰণৰ বাবে গঠন কৰা উচ্চ ক্ষমতা সম্পন্ন কমিটি খনত পাৰ্বত্য তথা ভৈয়ামৰ জনজাতিৰ কোনো সদস্যক অন্তৰ্ভূক্ত নকৰাৰ কথা উল্লেখ কৰি সভাপতি গৰাকীয়ে পাৰ্বত্য জনজাতিৰ প্ৰতিনিধি অন্তৰ্ভূক্তি নকৰাকৈ এনে পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থকাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷
লগতে যিকোনো প্ৰশাসনিক, ন্যায়িক তথা সাংবিধানিক পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে পাৰ্বত্য জনজাতি সকলৰ মতামতক উচিত গুৰুত্ব প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় আঞ্চলিক দল এএছডিচিয়ে













