ASSAM TIMES POST
ডিফুঃ ডবকাৰ পৰা ডিমাপুৰ সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি আবণ্টৰ ক্ষেত্ৰত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি কাৰবি ছাত্ৰ সন্থাই তথ্যসহ সংবাদমেল অনুষ্ঠিত কৰাৰ পিছত আজি পুনৰ একেটা বিষয়লৈ কাৰবি আংলং জিলা যুৱ কংগ্ৰেছে জিলা প্ৰেছ ক্লাবত সংবাদ মেল আয়োজন কৰি সৰৱ হৈ পৰে৷
উক্ত দুৰ্নীতিৰ জৰিয়তে বহু হাই প্ৰফাইল চৰকাৰী বিষয়া লাভান্বিত হোৱাৰ লগতে বিষয় সন্দৰ্ভত জিলা প্ৰশাসন অৱগত কৰা হৈছিল যদিও একো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল বুলি সংগঠনৰ নেতৃবৰ্গই মন্তব্য কৰে৷ কাৰবি আংলং জিলা যুৱ কংগ্ৰেছৰ সভাপতি-সম্পাদক শুকুৰছিং ক্ৰ’ আৰু হাৰমনছিং ইংতি স্বাক্ষৰিত এক বিবৃতিত উক্ত কাৰ্যত জড়িত থকাৰ অভিযোগ তুলি কেইবাজনো লোকৰ নাম থকা তালিকাও সংবাদমেলত প্ৰদৰ্শন কৰে৷
উল্লেখযোগ্য যে হাইৱে নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ পিছত উক্ত ঠাইত নিগাজিকৈ থকা হিতাধিকাৰীক ক্ষতিপূৰণ নিদিয়াকৈ জাল স্বাক্ষৰে পট্টা উলিয়াই লোৱা একাংশ লোককহে ক্ষতিপূৰণ দিয়া হ’ল বুলি অভিযোগ কৰে৷ আনহাতে উক্ত কেলেংকাৰীৰ চিবিআই তদন্ত দাবী কৰিছে যুৱ কংগ্ৰেছে৷













