ASSAM TIMES POST
আছিফ আলি
শিৱসাগৰ : আৰ.পি.এম. প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা অসমীয়া বোলছবি “তুমি আৰু মই”। শুকুৰবাৰে শিৱসাগৰৰ ভটিয়াপাৰস্থিত ভাস্কৰজ্যোতি চিনেমা হলৰ লগতে ৰাজ্যৰ ৩২ ছবিগৃহত মুক্তিলাভ কৰিলে অসমীয়া বোলছবি “তুমি আৰু মই”। আৰ.পি.এম. প্ৰডাকচনৰ বেনাৰত মায়ুষ প্ৰতিম চুতীয়াৰ প্ৰযোজনা আৰু ৰমেন গগৈৰ পৰিচালনাত নিৰ্মাণ হোৱা বোলছবি “তুমি আৰু মই”ৰ অভিনয়ত আছে অসমীয়া বোলছবি জগতৰ বাবে সম্পূৰ্ণ নতুন চেহেৰা।
অভিনয়ত আছে ক্ৰমে ময়ূৰ, গৰিমা, কৌস্তুভ, পল্লৱী, গগণ, দীপ, দিগন্ত, ৰাজেন, উদ্দীপতা আৰু পাৰ্লি। বোলছবিৰ তিনিটা গানত কণ্ঠদান কৰিছে ক্ৰমে ৰাকেশ ৰিয়ান, চায়নিকা ভূঞা, কল্লোল বৰঠাকুৰ আৰু দীপাংকৰ দেওঘৰীয়াই। তিনি বছৰজোৰা প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈছে এই বোলছবিৰ।












