
ঝাৰখণ্ডত পত্নীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দুই ভাতৃ (Brothers killed women)। ধৃতকেইজনৰ নাম শিৱশংকৰ চাহু আৰু নবীন চাহু। ঝাৰখণ্ডৰ গুমলা জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰৰ মতে, পত্নীৰ মাজত হোৱা অশান্তিৰ বাবে দুয়োজনেই বিচলিত হৈ পৰিছিল। তদন্তকাৰীয়ে প্ৰথমে সন্দেহ কৰে যে সেই ক্ষোভৰ বাবেই তেওঁলোকে নিজৰ নিজৰ পত্নীক হত্যা কৰে।

শিৱশংকৰ পেছাত এম্বুলেন্স চালক। তেওঁৰ বিবাহ হৈছিল মিনি প্ৰিয়াৰ (২৮) সৈতে। শিৱশংকৰৰ ভাতৃ নবীনৰ বিবাহ হৈছিল ৰাধিকা কুমাৰীৰ (২০) সৈতে। প্ৰাথমিক জেৰাৰ সময়ত আৰক্ষীয়ে গম পায় যে মিনি আৰু ৰাধিকাৰ মাজত দীৰ্ঘদিন ধৰি ভাল সম্পৰ্ক নাছিল। প্ৰায়ে তেওঁলোকৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। দুয়োৰে মাজত হোৱা এই দৈনন্দিন কাজিয়াত দুয়ো ভাতৃ ভাগৰি পৰে। অৱশেষত সোমবাৰে নিশা দুয়োগৰাকী পত্নীক নিজেই হত্যা কৰে বুলি গুমলাৰ আৰক্ষী অধীক্ষক হেৰিছ বিন জামাই জনায়।
আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ পিছত দুয়ো ভাতৃয়ে পত্নীৰ মৃতদেহ গুমলাৰ সমীপৰ ছিমডেগা জিলাৰ এখন হাবিলৈ লৈ যায়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তাতে মাটি খান্দি দুয়োৰে মৃতদেহ পুতি থৈছিল। সোমবাৰে পুৱা প্ৰায় ৯ বজাত ভুক্তভোগী মহিলা দুগৰাকীয়ে তেওঁলোকৰ পিতৃৰ সৈতে ফোনযোগে কথা পাতিছিল বুলি মৃতকৰ পৰিয়ালে দাবী কৰিছে। তেতিয়া কোনো অস্বাভাৱিক কথা লক্ষ্য কৰা হোৱা নাছিল। ইয়াৰ পিছত মঙলবাৰে পুৱা দুয়োগৰাকী পত্নীৰ পিতৃ ঘৰৰ মানুহে গম পায় যে তেওঁলোকক বিচাৰি পোৱা নাই।
গুমলাৰ আৰক্ষী অধীক্ষকে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, মঙলবাৰে প্ৰাৰম্ভিক জেৰাৰ সময়ত স্বামী দুজনে দাবী কৰে যে তেওঁলোকৰ পত্নীয়ে তেওঁলোকক অৱগত নকৰাকৈয়ে ঘৰৰ পৰা ওলাই গৈছে। কিন্তু পৰৱৰ্তী দীঘলীয়া জেৰাৰ সময়ত তেওঁলোকে অপৰাধ স্বীকাৰ কৰে। হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰ আৰু মৃতদেহকেইটা অৰণ্যলৈ লৈ যোৱা এম্বুলেন্স জব্দ কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ পিতৃ সোমেশ্বৰ চাহু আৰু মাতৃ তিলেশ্বৰী দেৱীকো গ্ৰেপ্তাৰ কৰা হৈছে।










