
শিশুৰ বিৰল জিনীয় ৰোগ নিৰাময়ৰ (AHDC Syndrome) বাবে বজাৰত এবিধ ঔষধ আছে। কিন্তু ইয়াৰ বাৰ্ষিক খৰচ প্ৰায় ৯ কোটি। এই বৃহৎ খৰচ বহন কৰিব নোৱৰাত চিকিৎসা লাভ কৰাটো অসম্ভৱ হৈ পৰে। এইবাৰ ভাৰতৰ এনে সাতটা পৰিয়ালৰ জীৱনত এক নতুন আশাৰ কিৰণ জাগিছে।

হায়দৰাবাদৰ শিশু চিকিৎসক ডাঃ শিৱৰঞ্জনী সন্তোষ আৰু ‘এক্সেছ টু মেডিচিনছ ইণ্ডিয়া’ই যৌথভাৱে এই ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবেই দেশৰ সাতটা শিশুৱে ‘এলান-হার্ণ্ডন-ডেডলি চিণ্ড্ৰম’ (AHDS) নামৰ এক বিৰল জেনেটিক ৰোগত আক্ৰান্ত শিশুৱে সম্পূৰ্ণ বিনামূলীয়াকৈ ঔষধ লাভ কৰিবলৈ ওলাইছে। অহা ৩০ নৱেম্বৰত তেওঁলোকক এবছৰৰ ‘টাইৰাট্ৰিকল’ ঔষধ দিয়া হ’ব।
এই ঔষধ ‘ফাৰ্মাচিউটিকেল কম্পাউণ্ডিং’ পদ্ধতি ব্যৱহাৰ কৰি নেদাৰলেণ্ডত প্ৰস্তুত কৰা হৈছে। ফলত ঔষধৰ দাম অবিশ্বাস্যভাৱে হ্ৰাস পাইছে। বজাৰত ব্যৱসায়িক ঔষধৰ ব্যয় প্ৰতি বছৰে প্ৰতিটো শিশুৰ বাবে প্ৰায় ৪ কোটি ৬৮ লাখৰ পৰা ৯ কোটি।
কিন্তু কম্পাউণ্ডিং পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মিত ঔষধৰ বাৰ্ষিক ব্যয় মাত্ৰ ২.৫ লাখলৈ হ্ৰাস পাইছে। ‘ফাৰ্মাচিউটিকেল কম্পাউণ্ডিং’ হৈছে বিভিন্ন উপাদান মিহলাই বা পৰিৱৰ্তন কৰি চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বাবে ঔষধ তৈয়াৰ কৰাৰ এক বিশেষ প্ৰক্ৰিয়া। হেগৰ ‘ট্ৰেন্সভাল ফাৰ্মাচী’য়ে নেদাৰলেণ্ডৰ ‘ফাৰ্মাচিউটিকেল একাউণ্টেবিলিটি ফাউণ্ডেশ্যন’ৰ (পিএএফ) সহযোগত প্ৰস্তুত কৰিছে এই ঔষধ।
প্ৰথমটো বেটচৰ ঔষধ সাতটা শিশুৰ অভিভাৱকক গতাই দিয়া হ’ব। ইয়াৰ লগত প্ৰয়োজনীয় নথি-পত্ৰ আৰু ব্যক্তিগত আমদানিৰ অনুমতি পত্ৰও থাকিব। ইতিমধ্যে পৰিয়ালকেইটাই এবছৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে। কম্পাউণ্ডিং পদ্ধতিৰে প্ৰস্তুত কৰা এই ঔষধৰ বৈধতা ছমাহ। সেয়ে এই ঔষধ দুটা পর্যায়ত দেশলৈ আমদানি কৰা হ’ব৷
এই সমগ্ৰ পদক্ষেপ আৰম্ভ হৈছিল কেঁচুৱা আৰৱক কেন্দ্ৰ কৰি। ডাঃ শিৱৰঞ্জনীৰ তত্বাৱধানত থকা আৰৱৰ ২০ মাহ বয়সত এএইচডিএছ ৰোগ ধৰা পৰে। এই বিৰল ৰোগটোক ‘MCT8ৰ অভাৱ’ বুলিও কোৱা হয়। এই সমস্যা MCT8 জিনৰ মিউটেচনৰ বাবেই দেখা দিয়ে। এই জিনে মগজুৰ কোষলৈ থাইৰয়ড হৰম’ন প্ৰেৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ‘ট্ৰাইক’ নামেৰে পৰিচিত টাইৰাট্ৰিকল নামৰ ঔষধে থাইৰয়ড হৰম’ন ৰিচেপ্টৰৰ ওপৰত ক্ৰিয়া কৰে।
ফলত হৰম’নৰ অভাৱৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ উপৰি ‘পেৰিফেৰেল থাইৰ’টক্সিকোচিছ’ৰ জটিলতাও কমি যায়। মগজুৰ বাহিৰে শৰীৰৰ আন আন অংগ আৰু কলা যেনে হৃদযন্ত্ৰ, যকৃত, পেশী, বিপাকীয় ক্ৰিয়া আদিয়ে অত্যধিক পৰিমাণৰ সক্ৰিয় থাইৰয়ড হৰম’নৰ (T3) সংস্পৰ্শলৈ আহিলে অত্যধিক কাম কৰিবলৈ আৰম্ভ কৰে।
ইউৰোপত এই ঔষধ উপলব্ধ। অৱশ্যে ইয়াৰ আকাশলংঘী মূল্যই ইয়াক বেছিভাগ ভাৰতীয় পৰিয়ালেৰ বাবে বহনযোগ্য নহয়। জাৰ্মানীৰ পৰা মাত্ৰ এমাহৰ ঔষধৰ যোগান পাবলৈ আৰৱৰ মাতৃ পবিত্ৰ শিৰোলকাৰে প্ৰায় ১২-১৩ লাখ টকা সংগ্ৰহ কৰিবলগীয়া হৈছিল। ডাঃ শিৱৰঞ্জনীয়ে ঔষধটো অধিক সুলভ কৰি তোলাৰ উপায় বিচাৰিছিল।
তেওঁ দেশৰ বিভিন্ন শিশু চিকিৎসক, এণ্ডক্ৰাইন’লজিষ্ট (হৰম’ন ৰোগ বিশেষজ্ঞ) আৰু শিশু স্নায়ু বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিছিল। ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ (চিএমচি) চিকিৎসকৰ সৈতেও কথা পাতিছিল, য’ত একে অৱস্থাৰ আৰু পাঁচটা শিশু পোৱা গৈছিল।
ঔষধ নিৰ্মাতা কোম্পানী ‘ইজেড টি থেৰাপিউটিক্স’ আৰু তেওঁলোকৰ ‘কম্পাছনেট ইউজ’ কাৰ্যসূচীৰ জৰিয়তে এই ঔষধ ক্ৰয় কৰাৰ প্ৰয়াস কৰা হৈছিল। কিন্তু সেই প্ৰচেষ্টা সফল নহ’ল। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে ডাঃ শিৱৰঞ্জনীয়ে। ৭ ছেপ্টেম্বৰত তেওঁ পৰিয়ালটোৰ বাবে সহায় বিচাৰি এটা পোষ্ট কৰিছিল।
লগতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী আৰু অন্যান্য চৰকাৰী প্ৰতিনিধিক টেগ কৰিবলৈ সকলোকে অনুৰোধ জনায়। এই পোষ্টটোৱে বিপুল সঁহাৰি লাভ কৰাৰ লগতে নেদাৰলেণ্ডৰ পিএএফৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পিছত পিএএফে মূল সক্ৰিয় ঔষধ উপাদান (এপিআই) ব্যৱহাৰ কৰি ঔষধটো প্ৰস্তুত কৰাৰ সম্ভাৱনাৰ ওপৰত চকু ৰাখিছিল।
ট্ৰেন্সভাল ফাৰ্মাচীয়ে প্ৰস্তুত কৰিলে এটা ট্ৰাইল বেটচ। অৱশেষত সাতটা শিশুৰ বাবে ঔষধ প্ৰস্তুত কৰা হ’ল। তালিকাত প্ৰথম স্থানত আছিল আৰৱ আৰু চিএমচি ভেলোৰত চিকিৎসাধীন হৈ থকা পাঁচটা শিশু। পিছত সপ্তম সন্তানৰ পিতৃ এবছৰীয়া শিশুটিয়ে ডাঃ শিৱৰঞ্জনীৰ ছ’চিয়েল মিডিয়া পোষ্টটো দেখি তেওঁৰ সৈতে যোগাযোগ কৰে।
পিএএফৰ সূত্ৰ অনুসৰি, সাতটা শিশুৰ বাবে এবছৰৰ ঔষধৰ মুঠ খৰচ ১৪,২০০ ইউৰো। ভাৰতীয় মুদ্ৰাত প্ৰায় ১৫ লাখ ৮ হাজাৰ টকা। ইয়াৰে ডাঃ শিৱৰঞ্জনীয়ে ভাৰতত প্ৰায় ৬ লাখ ৯ হাজাৰ টকা সংগ্ৰহ কৰিছে। বাকী ৮ হাজাৰ ৬০০ ইউৰো (প্ৰায় ৯ লাখ টকা) নেদাৰলেণ্ডত সংগ্ৰহ কৰাৰ দায়িত্ব পিএএফে লৈছে। ফলত সাতটা পৰিয়ালৰ কোনো এটাই ঔষধৰ বাবে একো দিব নালাগে।
৩০ নৱেম্বৰত এই পদক্ষেপৰ বাবে সাতটা শিশুৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণ কৰিব। অৱশ্যে বিদেশৰ পৰা ঔষধ আমদানি কৰাটো স্থায়ী সমাধান নহয় বুলি ডাঃ শিৱৰঞ্জনীয়ে মানি লৈছে। তেওঁ ‘এক্সেছ টু মেডিচিনছ ইণ্ডিয়া’ আৰু অন্যান্য সংগঠনৰ সৈতে হাত মিলাই কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিব বিচাৰে। কম্পাউণ্ডিং পদ্ধতি ব্যৱহাৰ কৰি ভাৰতত এই ঔষধ প্ৰস্তুত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। ইয়াৰ ফলত এই ঔষধ অধিক শিশুৰ ওচৰলৈ লৈ যাব পাৰিব।
ডাঃ শিৱৰঞ্জনীয়ে কয়, “যেতিয়া সমগ্ৰ বিশ্বতে ঔষধ পোৱা যায়, কিন্তু আমাৰ দেশৰ ল’ৰা-ছোৱালীয়ে নাপায়, এইটো কেনেকৈ সম্ভৱ? এই ঔষধ ভাৰতত কম্পাউণ্ড কৰি প্ৰস্তুত কৰা উচিত। তেতিয়া এই ৰোগত আক্ৰান্ত সকলো শিশুৱেই লাভ কৰিব।”











