ASSAM TIMES POST
নিউজ ডেস্ক:

ক’ৰ’ণা ভাইৰাছ আতংকত দুসপ্তাহ পিছুৱাই দিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল৷ ১৫ এপ্ৰিল পৰ্যন্ত বন্ধ ৰখা হৈছে এই টুৰ্নামেণ্ট৷ শুকুৰবাৰে আই পি এলৰ ফেঞ্চাইজিয়ে টুৰ্নামেণ্ট স্থগিত ৰাখিবলৈ সিন্ধান্তৰ কথা ব’ৰ্ডৰ শীৰ্ষ কৰ্মকৰ্তাক৷ শনিবাৰে মুম্বাইত ফেঞ্চাইজিৰ সৈতে এই বিষয়ত আলোচনা হয়৷ তাৰ পাছতে আইপিএলৰ গভৰ্ণিং ব’ডীৰ বৈঠক হয়৷ তাতে জনাই দিয়া হয় আই পি এল পিছুৱাই দিয়াৰ কথা৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ১৫ এপ্ৰিল পৰ্যন্ত বিদেশীৰ ভিছা বন্ধ ৰাখিছে৷













