ASSAM TIMES POST
গোলাঘাটৰ পৰা অজন্তা তালুকদাৰ, ১৩ মাৰ্চঃ গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ ১২৫ তম বৰ্ষ উদযাপন উপলক্ষ্যে গোলাঘাট এমেচাৰ থিয়েটাৰ চ’চাইটিৰ উদ্যোগত আৰু চ’চাইটিৰ প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ১২ মাৰ্চৰ পৰা তিনিদিনীয়া দ্বিতীয় নাট সমাৰোহ। প্ৰয়াত নাট্যকৰ্মী অজিত দত্ত সোঁৱৰণী প্ৰথম সন্ধ্যাৰ নাটৰ প্ৰাকমুহূৰ্তত সমাৰোহৰ শীৰ্ষ-গীত বাজি উঠাৰ পাছতে প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে প্ৰয়াত নাট্যকৰ্মী গৰাকীৰ জ্যেষ্ঠ ভাতৃ ৰজিত দত্ত আৰু পৰিয়ালে। মঞ্চ মুকলিৰ লগতে সমাৰোহ উদ্বোধন কৰে বিশিষ্ট কবি-নাট্যকাৰ-পৰিচালক ৰফিকুল হোছেইনে। মাল্যাৰ্পক আৰু উদ্বোধক দুয়োগৰাকীকে একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

এই উপলক্ষ্যে গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰযোজনাত প্ৰথম সন্ধ্যাৰ নাট যুৱ নাট্যকাৰ-পৰিচালক স্ৰোতস্বিনী তামুলীৰ ৰচনা পৰিচালনাৰে ‘মৃগতৃষ্ণা- চেতনাৰ সেই নিৰৱধি স্ৰোত’ৰ সফল মঞ্চায়ন হৈ যায়। নাটখনিৰ অভিনয়ত আছে ক্ৰমে মৃদুল কাকতি, পলাশ লইং, মীনাক্ষী ফুকন, দেৱজিৎ লাহন, বিজু বৰা, বিভাশ শইকীয়া,বাণী বৰা, জয়স্মিতা ডেকা, উদ্দীপনা বৰা, মনালিছা শইকীয়া, চম্পক চাংমাই, নৱজ্যোতি শৰ্মা, বিবেক শইকীয় আৰু শিশু শিল্পীদ্বয় পাৰ্দিতা আৰু প্ৰতীক্ষা।

মঞ্চসজ্জা বিটুল বৰাৰ, পোহৰ ৰাতুল বৰাৰ আৰু সংগীত শংকৰ মহন্তৰ। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া সমাৰোহৰ আন দুখন নাট ক্ৰমে ১৩ মাৰ্চত প্ৰয়াত নাট্যশিল্পী ডাঃ চন্দ্ৰ চৌধুৰীৰ সোঁৱৰণত ঠিকনা নাট্যগোষ্ঠী, গুৱাহাটীৰ অনুপজ্যোতি চৌধুৰীৰ নাট্যৰূপ আৰু পৰিচালনাত ক্ৰমে গীতালি বৰাৰ গল্পৰ আধাৰত ‘সত্য সূৰ্য’ আৰু মনিকা দেৱীৰ গল্পৰ আধাৰত ‘দাঁত’ দুখন নাটক আৰু ১৪ মাৰ্চত প্ৰদৰ্শিত হ’ব প্ৰয়াত নাট্যশিল্পী পূৰ্ণানন্দ গগৈৰ সোঁৱৰণত যোৰহাট থিয়েটাৰৰ পৱিত্ৰ বৰুৱাৰ পৰিচালনাত নটসূৰ্য ফণী শৰ্মা ৰচিত ‘ভোগজৰা’। নাট সমাৰোহখনিৰ প্ৰথম সন্ধ্যাৰ অনুষ্ঠানৰ আঁত ধৰে গোলাঘাট এমেচাৰ থিয়েটাৰ এচচিয়েছনৰ সাংস্কৃতিক সম্পাদক চিৰঞ্জিত বৰাই।












