
‘ভোট চুৰি’ আৰু এছআইআৰ পৰ্যায়ত হোৱা অনিয়মৰ বাবে দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰই ছয়খন ৰাজ্যত পুনৰ সালসলনি কৰিলে ৰাজ্যপাল (Six states have new governors)। এই সন্দৰ্ভত সোমবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মতি দিয়াৰ পিছতে এক বিবৃতি জাৰি কৰা হয়। এই তালিকাত ছিকিম, কেৰালা, তামিলনাডু, ওড়িশা, কৰ্ণাটক আৰু উত্তৰাখণ্ডৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
ছিকিমৰ ৰাজ্যপাল ওমপ্ৰকাশ মাথুৰক কেৰালাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ ঠাইত বিজেপি নেতা দুষমন্ত গৌতমে ছিকিমৰ ৰাজ্যপালৰ দায়িত্ব ল’ব। কেন্দ্ৰই কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা মাৰ্চ মাহত আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল পদৰ পৰা অপসাৰণ কৰি পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়াৰে পৰাই বিশ্বনাথে অতিৰিক্ত দায়িত্ব চম্ভালি আছে।

ইয়াৰ উপৰি কে হৰিবাবুৰ ঠাইত ঝাৰখণ্ডৰ পৰা বিজেপিৰ প্ৰবীণ নেতা ব্ৰজমোহন ৰামক ওড়িশাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। থাবৰচন্দ গেহলটৰ ঠাইত হাৰিয়ানাৰ পৰা বিজেপি নেত্ৰী সুধা যাদৱক কৰ্ণাটকৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
আনহাতে, নিৰ্বাচনমুখী উত্তৰাখণ্ডৰ ৰাজ্যপালৰ পদত অৱসৰপ্ৰাপ্ত সেনা বিষয়া গুৰমীত সিঙৰ ঠাইত মধ্যপ্ৰদেশৰ বিজেপিৰ প্ৰাক্তন সাংসদ ধল সিং বিচেনক নিযুক্তি দিছে। সংশ্লিষ্ট ৰাজ্যপালকেইজনে নিজৰ নিজৰ পদৰ দায়িত্ব লোৱাৰ দিনৰে পৰা এই নিযুক্তি কাৰ্যকৰী হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।










