
হৰমুজ প্ৰণালীত (Straight of Hourmuz) পুনৰ বাণিজ্যিক জাহাজত আক্ৰমণ (Attack on a commercial ship)। দেওবাৰে ওমান উপকূলৰ সমীপৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত দুখন জাহাজক দ্ৰুতগতিত একেৰাহে আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। দুয়োখন জাহাজতে ভাৰতীয় নাৱিক আছিল। ঘটনাৰ পিছৰে পৰা দুজন নাৱিকৰ সন্ধান নাই। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক কঠোৰ বিবৃতি প্ৰকাশ কৰিছে। নতুন দিল্লীয়ে শীঘ্ৰে আক্ৰমণ বন্ধ কৰি আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাৰ্তা প্ৰদান কৰিছে।
নিকাৰাগুৱাৰ পতাকা থকা জাহাজ এম টি পেট্ৰ’ ডলফিনত (MT Petro Dolphin) আছিল ১১ জন ভাৰতীয় নাৱিক। দেওবাৰে ইয়াৰ ওপৰত এখন ড্ৰোন দুৰ্ঘটনাগ্ৰস্ত হয়। ৯ জনক উদ্ধাৰ কৰা হয় যদিও জাহাজখনৰ ভাৰতীয় নাৱিক দুজন উদ্ধাৰ হোৱা নাই। ইয়াৰ পিছত মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকা থকা বাণিজ্যিক জাহাজ এম টি ভলথেৰা একে পথেৰে যাত্ৰা কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, ১১ জন ভাৰতীয় নাৱিকো জাহাজত আছিল। যদিও দ্বিতীয়খন জাহাজ আক্ৰমণ কৰা হৈছিল, তথাপিও সকলো নাৱিক সুৰক্ষিত। ওমান ক’ষ্ট গাৰ্ডে দুয়োজনৰে সন্ধান কৰি আছে।

ওমানত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ওমান কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছে আৰু সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে। এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। এক বিবৃতিত কোৱা হৈছে যে ভাৰতীয় নাৱিকৰ সুৰক্ষা সদায় চৰকাৰৰ অগ্ৰাধিকাৰ। ইটোৰ পিছত সিটোকৈ বাণিজ্যিক জাহাজত এনেধৰণৰ আক্ৰমণে এক অতি চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ইতিমধ্যে পশ্চিম এছিয়াৰ পৰিস্থিতি উত্তেজিত হৈ পৰিছে। এনেধৰণৰ আক্ৰমণে অনাগত দিনত হৰমুজৰ কাষৰীয়া অঞ্চলসমূহত অধিক উত্তেজনাৰ সৃষ্টি কৰিব। গতিকে বাণিজ্যিক জাহাজত আক্ৰমণ শীঘ্ৰে বন্ধ কৰিব লাগিব। নতুন দিল্লীয়ে নাৱিকৰ সুৰক্ষা আৰু হৰমুজকে ধৰি আন্তঃৰাষ্ট্ৰীয় জলপথত বিনামূলীয়া যাতায়াত সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে। সংশ্লিষ্ট কৰ্তৃপক্ষই আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰি আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।












