ডিফুঃ ধনদাবীৰ গোচৰৰ ভিত্তিত কালি মাঞ্জা আৰক্ষী থানা আৰু সেনাৰ ১২ গৰৱাল গোটৰ অভিযানত ডিএনএলএৰ দুটা লিংকমেনক কৰায়ত্ব কৰা হয়। জানিবপৰা মতে ধৃত দুই লিংকমেনে যোৱা কিছুদিন ধৰি উক্ত এলেকাত মানুহৰপৰা দাবী-ধমকিৰে টকা সংগ্ৰহ কৰি আহিছিল। সেই অনুসৰিয়েই কালি যুটীয়া অভিযানত দুয়োকে ধন সংগ্ৰহ কৰি থকা অৱস্থাতে আটক কৰা হয়। ধৃত দুটাৰ এটাৰ নাম সুৰেশ খেট্ৰেচা (২৭)। ঘৰ মাঞ্জা থানাৰ অন্তৰ্গত কৌণ্ঠিলাল বস্তি, বৰজানত। আনটো একে থানাৰ অন্তৰ্গত লংনিত থাবাডায়েৰৰ পোষণলাল হান্সে (৪০)। সম্প্ৰতি দুযোটাকে আৰক্ষীয়ে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।













