
শেহতীয়াকৈ দিল্লীত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডক (rape cases) লৈ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে স্বতঃপ্ৰণোদিত ব্যৱস্থা। ইয়াৰ উপৰি ২০১২ চনৰ নিৰ্ভয়া গোচৰৰ সৈতে তুলনা কৰে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য যে এইবোৰ ঘটনাক নিৰ্ভয়া গোচৰৰ যন্ত্ৰণাৰ সৈতে তুলনা কৰিব নোৱাৰি।
শেহতীয়াকৈ দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত একাধিক ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। কেতিয়াবা চলন্ত বাছত দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে, কেতিয়াবা আৰক্ষী বিষয়াৰ ৰূপত পাৰ্কত দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। টেম্পোৰ ভিতৰতো দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন হৈছে। এইবোৰ ঘটনাৰ বাবেই দিল্লীত মহিলাৰ সুৰক্ষাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।
সেয়ে এনে পৰিস্থিতিত শেহতীয়া ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে স্বতঃপ্ৰণোদিত ব্যৱস্থা গ্ৰহণ কৰিছে। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে এই কাণ্ড আৰু নিৰ্ভয়া গোচৰৰ সৈতে তুলনা কৰে। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, এনে ঘটনাই আৰক্ষী ব্যৱস্থাৰ বিফলতাক উজ্জ্বল কৰি তুলিছে।

আদালতৰ মন্তব্য, “ৰাজধানী দিল্লীৰ এই কাণ্ডসমূহে স্পষ্টভাৱে দেখুৱাইছে যে আৰক্ষী আৰু প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হৈছে।” পৰ্যাপ্ত পোহৰ, চোৰাংচোৱাগিৰি আৰু অন্যান্য প্ৰশাসনিক সা-সুবিধাৰ অভাৱৰ ওপৰতো আদালতে আলোকপাত কৰে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, “পাৰ্ক বা বাছক বিপদ সংকুল হ’বলৈ দিব নোৱাৰি।”
যোৱা মাহৰ শেষৰ ফালে দিল্লীত এখন শ্লীপাৰ বাছত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। উত্তৰ প্ৰদেশৰ মইনপুৰীৰ বাসিন্দা কিশোৰীগৰাকীয়ে নয়দাৰ ছেক্টৰ ৬৩লৈ গৈ আছিল। বাছ চালক আৰু কণ্ডাক্টৰজনে ধৰ্ষণ কৰি দিল্লীৰ কাশ্মীৰী গে’ট এলেকাত পথত পেলাই দিয়াৰ অভিযোগ। ছেপ্টেম্বৰৰ মাজভাগত দিল্লীৰ স্বৰূপনগৰত পথৰ কাষত উদ্ধাৰ হৈছিল এগৰাকী ছোৱালীৰ অংগচ্ছেদ মৃতদেহ। পিছত তদন্তত দেখা গ’ল যে তেওঁক দলবদ্ধ ধৰ্ষণ আৰু হত্যা কৰা হৈছে।
ইয়াৰ পিছত যোৱা সপ্তাহত দিল্লীৰ কলকাজী মন্দিৰৰ সমীপৰ এখন পাৰ্কত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীৰ ৰূপ লৈ অভিযুক্তই ছোৱালীজনীক ভয় খুৱায়। ইয়াৰে এজনে পূৰ্বে আৰক্ষীৰ তথ্যদাতা হিচাপেও কাম কৰিছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত এমাহ নৌহওঁতেই উচ্চতম ন্যায়ালয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।













