ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : সমগ্ৰ বিশ্বৰ লগতে বৈঠালাংছ’টো আজি উদযাপন কৰে আন্তৰাষ্ট্ৰীয় নাৰী দিৱস । বৰপথাৰ পঞ্চায়তৰ নাৰী সমাজৰ উদ্যোগত বৈঠালাংছ’ চেৰডিহুন আক্লামত অনুস্থিত কৰা হয় এই নাৰী দিৱস । দিবসৰ লগত সংগতি ৰাখি কণ কণ ল’ৰা ছোৱালী ৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

লগতে পাঁচ শতাধিক মহিলাৰ অংশগ্ৰহনেৰে এটা বৃহৎ সমদল উলিয়ায়। সমদলত “নাৰীক সন্মান কৰক”, “বেটী বচাৱক বেটী পঢ়াওক” ,”নাৰী শক্তি জিন্দাবাদ” আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তুলে ।শুভাযাত্ৰাৰ পাছত বৈঠালাংছ’ চেৰদিহুন আক্লাম সকলো গোটহৈ নাৰী দিৱস উদ্দেশ্য আৰু ইয়াক কিয় উদযাপন কৰিব লাগে তাৰ ওপৰত এখনি সভা অনুস্থিত হয় ।
স্থানীয় সমাজসেবীকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নলিনী তামুলীয়ে মুখ্যঅতিথি হিচাপে অংশগ্ৰহন কৰা সভাখনিত নাৰীৰ ওপৰত চলি অহা বিভিন্ন নিৰ্যাতন ৰ বিষয়ে এক সবল আলোকপাত হয় । সভাৰ মাজে মাজে নাৰী সকলে বিভিন্ন নাচ ,গান,কবিতা আবৃত্তি ,দিহানাম আদিও প্ৰদৰ্শন কৰে ।সভাত CLF ৰ সভানেত্ৰী ববিতা ডেকা,অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী নিৰু ভূঞাকে ধৰি বহু কেইগৰাকী আগশাৰীৰ মহিলা উপস্থিত থাকে ।













