ASSAM TIMES POST
তুলিৰাম ৰংহাঙ দিছপুৰৰ পুতলাৰ দৰি নাচি আছে —-ৰতন ইংতি ৷
ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা হ্ৰাস কৰিবলৈ শেহতীয়ায়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপকলৈ সৰৱ হৈ পৰিছে কাৰবি আংলং জিলা কংগ্ৰেছ ৷ আজি ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ৰাজ্য চৰকাৰে পৰিষদৰ ক্ষমতা কৰ্তন কৰা বিষয়ক কঠোৰ ভাষাৰে সমালোচনা কৰে সংবাদমেলত অংশ গ্ৰহণ কৰা কেইবাগৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতাই ৷
সংবাদমেলক সম্বোধন কৰি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডা: মংবে ৰংপিয়ে অলপতে অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ণ বিভাগৰ যুটীয়া সচিবৰ পৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা এক পত্ৰৰ উদ্ধৃতি দি কেতবোৰ গুৰুত্ব পূৰ্ণ মন্তব্য কৰে ৷
সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰা অনুসৰি উক্ত নিৰ্দেশনাৰ যোগেদি অলপতে অনুষ্ঠিত হৈ যোৱা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৩৬ সংখ্যক বাজেট অধিবেশনত ভাৰতীয় সংবিধানৰ ২৪৪(ক)অনুশ্ছেদ অৰ্থাৎ স্বায়ত্তশাসিত ৰাজ্যৰ দাবী প্ৰসংগ আৰু বড়ো চুক্তিৰ ৬.১ অনুসূচী অনুসৰি পাৰ্বত্য জিলাত বসবাস কৰি থকা বড়ো সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান সন্দৰ্ভত অধিবেশনত কোনো আলোচনা কৰা বাৰণ কৰা হৈছিল ৷
এই নিৰ্দেশনাৰ জৰিয়তে উল্লেখিত দুয়োটা বিষয়ৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট হৈ পৰাৰ লগতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতাও যে কৰ্তন কৰা হৈছে এই নিৰ্দেশনা যোগে ইয়াকে প্ৰতিয়মান কৰা হৈছে বুলি সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰে ৷ তেওঁ ৰাজ্য চৰকাৰক পৰিষদৰ ক্ষমতা ঘুৰাই দিয়াৰ বাবে দাবী জনায় ৷
জিলা কংগ্ৰেছৰ উপসভাপতি ৰতন ইংতি সংবাদমেলক সম্বোধন কৰি কয়যে, ১৯৫১ চনত পৰিষদ গঠন হোৱা সময়ত থকা পৰিষদৰ পুৰ্বৰ অৱস্থা নাই বুলি সদ্য সমাপ্ত ২৩৬ সংখ্যক বাজেট অধিবেশনত স্পষ্ট হৈছে ৷ জিলাখনত চাকৰি প্ৰদান তথা বদলিৰ ক্ষেত্ৰত সকলো সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি মন্তব্য কৰি কাৰবি আংলং জিলা কংগ্ৰেছে এনে সিদ্ধান্ত মানি লব নোৱাৰে বুলি কোৱাৰ লগতে এনে সিদ্ধান্ত পৰিষদৰ নীতি আৰু মৰ্যদাৰ পৰিপন্থী বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ উপসভাপতি গৰাকীয়ে ৷
আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে অলপতে প্ৰায় ২ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি চলোৱা বুলি সমালোচনাত মুখৰ হৈ পৰে নেতাগৰাকী ৷ঋণ লোৱাটো ডাঙৰ কথা নহয়, কিন্তু এই ঋণ পৰিশোধ কৰিব ক’ৰ পৰা তাকলৈ প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে ৷ ঋণ পৰিশোধ কৰিব পৰা সকলো উৎস, শিল, বালি, কয়লা আদি সকলো খণ্ডতে ছিণ্ডিকেট ৰাজ অব্যাহত থকাৰ ফলত পৰিষদীয় চৰকাৰে এই ঋণ কেনেকৈ পৰিশোধ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে ৷
ৰাজহ সংগ্ৰহ কম হোৱাৰ বাবেই জিলাখনত সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰি নেতা গৰাকীয়ে ধনৰ অভাৱত কৰ্মচাৰীৰ দৰমহা প্ৰদান কৰাত সমস্যাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে ৷ অনলাইন যোগে ভুমি পট্টা প্ৰদান কৰা ব্যৱস্থাক নেতা গৰাকীয়ে আদৰণি জনায় যদিও এই ব্যৱস্থা কাৰবি আংলঙৰ পৰিসীমাৰ ভিতৰতে হ’ব লাগিব বুলি সংবাদমেলত দাবী জনায় ৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা এটা এটাকৈ লোপ পোৱাৰ পিছতো তুলিৰাম ৰংহাঙ ইয়াক প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে সংবাদ মেলত উপস্থিত থকা নেতৃত্বই ৷ তুলিৰাম ৰংহাঙে দিছপুৰৰ হাতৰ পুতলাৰ দৰে নাচি আছে বুলিও কটাক্ষ কৰে ৰতন ইংতিয়ে ৷













