
কিছুদিন পূৰ্ব জোনাইত সংঘটিত হৈছিল এক ভয়াৱহ হত্যাকাণ্ড। এগৰাকী ব্যক্তিয়ে নিজৰ পত্নী, এগৰাকী কন্যা আৰু পুত্ৰক শুই থকা অৱস্থাতে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল। এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাজস্থানত। পাৰিবাৰিক বিবাদৰ পৰিণতিতি পত্নী আৰু তিনিগৰাকী কন্যাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন লোকৰ বিৰুদ্ধে। ৰাজস্থানৰ জয়পুৰত (Jaipur) সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে পুৱা চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত। আৰক্ষীয়ে তেওঁক বিচাৰিছে অনুসন্ধান আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত কেইগৰাকী হৈছে গীতা ঝা (পত্নী), তেওঁৰ তিনিগৰাকী কন্যা নন্দিনী, গিৰিছা আৰু ৰাধিকা। একেটা ঘৰৰ পৰাই চাৰিওগৰাকীৰে মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। চুবুৰীয়াই দাবী কৰে যে ৰাতি কোনো ধৰণৰ শব্দ বা চিঞৰ-বাখৰ শুনা নাছিল।

কিন্তু শুকুৰবাৰে পুৱা পৰিয়ালৰ কোনো লোকৰ পৰা কোনো সঁহাৰি নোপোৱাত তেওঁলোকৰ সন্দেহ হয়। তেনেতে ওচৰ-চুবুৰীয়া কেইজনমানে ঘৰলৈ গৈ মাত দিয়ে। ইয়াৰ পিছতো তেওঁলোকে কাকো দেখা নোপোৱাত ঘৰলৈ সোমাই যায় আৰু চাৰিওগৰাকীৰে মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত ৰাহুল ঝাৰ ৮৫ বছৰীয়া পিতৃ ঘৰতে আছিল। তেওঁ দাবী কৰে যে তেওঁ এই ঘটনাৰ বিষয়ে একো গম পোৱা নাছিল। ফৰেনছিক দল আৰু ডগ স্কোৱাডে ঘটনাস্থলীলৈ গৈ নমুনা সংগ্ৰহ কৰে। হত্যাকাণ্ড সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা ইটা উদ্ধাৰ কৰা হৈছে। জয়পুৰ পশ্চিমৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত কিৰণে কয় যে প্ৰথম অৱস্থাত পৰিয়ালৰ বিবাদৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নেকি সেই বিষয়ে তদন্ত চলি আছে। তেওঁ কয়, “আমি জানিবলৈ চেষ্টা কৰি আছোঁ যে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ কি?”













