
ভাৰতীয় বিমান নিয়ন্ত্ৰক ডিজিডিএয়ে (DGCA, Directorate General of Civil Aviation) দেশৰ সকলো বিমান সংস্থাৰ সকলো পাইলটৰ ড্ৰাগছ টেষ্ট কৰাৰ নিৰ্দেশ দিছে। সূত্ৰৰ উদ্ধৃতি দি নিউজ এজেন্সী পিটিআয়ে জনোৱা মতে, অহা বছৰৰ জুলাইৰ ভিতৰত পাইলটসকলক ড্ৰাগছ টেষ্ট সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত ডিজিচিএয়ে সকলো বিমান সংস্থালৈ বাৰ্তা প্ৰেৰণ কৰিছে। এয়াৰ ইণ্ডিয়াৰ ফুকেট-দিল্লী বিমানত অশান্তিৰ ঘটনা সংঘটিত হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।
৪ আগষ্টত থাইলেণ্ডৰ ফুকেটৰ পৰা যাত্ৰী লৈ দিল্লীলৈ উভতি আহিছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। আকাশৰ মাজতে হঠাৎ ৩০০ ফুট তললৈ নামি আহে বিমানখন। ইয়াৰ ফলত যাত্ৰীসকল আতংকিত হৈ পৰে। বহু যাত্ৰী আহত হয়। পৰিস্থিতি কেনেবাকৈ নিয়ন্ত্ৰণ কৰি বিমানখন দিল্লীত অৱতৰণ কৰা হয়। কিন্তু সেই বিমানখনৰ পাইলট-ইন-কমাণ্ডৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। অভিযোগ অনুসৰি, তেওঁ গাঞ্জা সেৱন কৰি বিমানত উঠিছিল। ড্ৰাগছ টেষ্টতো ধৰা পৰিছিল। ইয়াৰ পিছত এয়াৰ ইণ্ডিয়াই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। লগতে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই কোম্পানীটোৰ সকলো পাইলটৰ ড্ৰাগছ টেষ্ট কৰাৰ নিৰ্দেশ দিছে। কেন্দ্ৰৰ তৰফৰ পৰাও কোনো ধৰণৰ শিথিলতা কৰা হোৱা নাই। সেইবাবেই ডিজিচিএয়ে সকলো বিমান সংস্থাক পাইলটৰ ড্ৰাগছ টেষ্টিং কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে এই সন্দৰ্ভত তেওঁলোকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে বৃহস্পতিবাৰে কয় যে পাইলটৰ ড্ৰাগছ টেষ্টৰ সন্দৰ্ভত নতুন নিয়ম আহি আছে। চলিত মাহৰ শেষৰ ফালে ডিজিচিএয়ে নতুন নিয়মৰ খচৰা চূড়ান্ত কৰিব পাৰে। বৰ্তমান পাইলটৰ ড্ৰাগছ পৰীক্ষাৰ সন্দৰ্ভত সকলোৰে বাবে কোনো বাধ্যতামূলক নিয়ম নাই।
ডিজিচিএৰ বৰ্তমানৰ নিয়ম অনুসৰি, প্ৰতি বছৰে কমেও ১০ শতাংশ পাইলট আৰু এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ কৰ্মীয়ে ড্ৰাগছ টেষ্ট কৰিবলগা হয়। কাৰ পৰীক্ষা হ’ব সেয়া আগতীয়াকৈ কোৱা হোৱা নাই। সেই পৰীক্ষাত যিকোনো ব্যক্তি আহিব পাৰে। এইবাৰ নিয়ম সলনি কৰি ডিজিচিএয়ে পৰীক্ষাটো সকলোৰে বাবে বাধ্যতামূলক কৰি তুলিছে। পিটিআইৰ বাতৰি অনুসৰি, বৰ্তমান দেশৰ বাণিজ্যিক বিমান সংস্থাসমূহত ১২ হাজাৰতকৈ অধিক পাইলট আছে। নিৰ্দেশনা অনুসৰি সকলোৱে পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব।













