ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

নিউজ ডেস্কঃ

News Desk by News Desk
September 10, 2026
Reading Time: 1 min read
A A
0
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

RELATED POSTS

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

New Logo Smal | ASSAM TIMES POST

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্ৰায় সাত বছৰৰ মূৰত ভাৰতলৈ আহি আছে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। শনিবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব দুদিনীয়া ব্ৰিকছ সন্মিলন। একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শীৰ্ষ সন্মিলনৰ প্ৰথমদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জিনপিঙৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব পাৰে। যদিও বিষয়টো প্ৰায় চূড়ান্ত হৈছে, তথাপিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

জিনপিঙে শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ২০১৯ চনৰ অক্টোবৰ মাহত। উল্লেখ্য যে পিছৰ বছৰত পূব লাডাখৰ গালৱান উপত্যকাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) উলংঘা কৰা চীনা সেনাৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ হয়। সেই ৰক্তাক্ত সংঘাতত এজন কৰ্ণেলকে ধৰি ২০ জন ভাৰতীয় সৈনিক নিহত হৈছিল। চীনে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰে যে তেওঁলোকৰ চাৰিজন জোৱানৰ মৃত্যু হৈছে। অৱশ্যে গালৱানত কমেও ৩৮ জন চীনা জোৱান নিহত হোৱা বুলি বিভিন্ন সূত্ৰই দাবী কৰিছে। সেই সংঘৰ্ষৰ পিছৰে পৰা ভাৰত আৰু চীনৰ সম্পৰ্কৰ দ্ৰুতগতিত অৱনতি ঘটিছে। ‘অপাৰেচন সিন্দুৰ’ আৰু তাৰ পাছৰ ভাৰত-পাকিস্তান সংঘাতত চীনে মুকলিকৈ পাকিস্তানৰ কাষত থিয় দিছিল।

chh | ASSAM TIMES POST
৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

২০২৪ চনত গালৱান সংঘৰ্ষৰ পিছত ৰাছিয়াৰ কাজানত মোদী আৰু জিনপিঙৰ সাক্ষাৎ হৈছিল। ইয়াৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক কিছু ভাল হোৱাৰ লক্ষণ দেখা গ’ল। ২০২৫ চনৰ ৩১ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ভ্ৰমণত চীনলৈ গৈছিল। সেই সময়ত তেওঁ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু জিনপিঙৰ সৈতে পাৰ্শ্বীয় বৈঠক অনুষ্ঠিত কৰিছিল। যদিও আগষ্টৰ শেষৰ ফালে কিৰ্গিস্তানৰ ৰাজধানী বিচকেকত অনুষ্ঠিত এছচিঅ’ৰ বৈঠকত দুয়োজনেই উপস্থিত আছিল যদিও মোদী আৰু জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক হোৱা নাছিল। সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, প্ৰায় সাত বছৰৰ মূৰত চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণ নতুন দিল্লী-বেইজিঙৰ কূটনৈতিক সম্পৰ্কত ‘বৰফ গলা’ৰ সূচনা হ’ব পাৰে। ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে শনিবাৰে ভাৰতত উপস্থিত হোৱাৰ কথা আছে জিনপিং। তেওঁ প্ৰায় ৪০০ জনীয়া প্ৰতিনিধি দল লৈ আহিব। ইতিমধ্যে জনা গৈছে যে ব্ৰিকছ শীৰ্ষ সন্মিলন আৰম্ভ হোৱাৰ এদিন পূৰ্বে শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে মঙলবাৰে কয়, “দুয়োজন নেতাই পাৰমাণৱিক সহযোগিতা, প্ৰস্তাৱিত ‘ছুখয় ছু-৫৭’ আৰু ৰাছিয়াৰ খাৰুৱা তেলৰ ওপৰত আমেৰিকাৰ শুল্ক আৰু নিষেধাজ্ঞাৰ দৰে বিষয়ত আলোচনা কৰিব পাৰে।”

অহা ১২-১৩ ছেপ্টেম্বৰত দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব ১৮ সংখ্যক ব্ৰিকছ সন্মিলন। ২০১২, ২০১৬ আৰু ২০২১ চনৰ পিছত ভাৰতে চতুৰ্থবাৰৰ বাবে ব্ৰিকছৰ আতিথ্য আৰু অধ্যক্ষতা কৰিব। সামগ্ৰিকভাৱে এইবাৰ ব্ৰিকছৰ মূল বিষয়বস্তু হৈছে উদ্ভাৱন, সহযোগিতা আৰু বৰ্ধিত স্থিতিশীলতা। কিন্তু শীৰ্ষ সন্মিলনৰ আঁৰত জিনপিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিব পাৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰিছে। ৰয়টাৰৰ বাতৰি অনুসৰি, নতুন দিল্লীত থকা চীনৰ দূতাবাসৰ বিষয়াসকল এতিয়া হোটেল আৰু নিৰাপত্তাৰ প্ৰট’কল চূড়ান্ত কৰাত ব্যস্ত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ
National-International

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

by News Desk
September 10, 2026
50
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

by News Desk
September 10, 2026
50
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

by News Desk
September 9, 2026
51
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

by News Desk
September 9, 2026
51
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

by News Desk
September 9, 2026
52
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

by News Desk
September 9, 2026
53
ADVERTISEMENT
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
50
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ
National-International

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

September 10, 2026
50
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা
National-International

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

September 10, 2026
50
অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ
Assam

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

September 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

September 10, 2026
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d