ASSAM TIMES POST
বন্ধনৰ জয়যাত্ৰাত সহযোগী এক কোটি নব্বৈ লাখ গ্ৰাহকঃ অজয় কুমাৰ শীল
ডিফু : সম্প্ৰতি দেশৰ অৰ্থনীতিত বন্ধন বেংকে এক যোগাত্মক অৰিহণা যোগাই আহিছে৷ৰাইজৰ মাজত বন্ধন বেংক অতি জনপ্ৰিয়৷সকলোৰে মুখে মুখে এতিয়া বন্ধন বেংকৰ কথা৷প্ৰতিটো পৰিয়ালত থিতাপি লৈছে বন্ধন বেংকে৷ বন্ধন বেংকৰ এই জয়যাত্ৰা অব্যাহত থাকি দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক আৰু অধিক টনকিয়াল কৰক৷

এই মন্তব্য কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ কুমাৰ দাসৰ৷ আজি বন্ধন বেংকৰ ডিফু শাখাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি তেওঁ আৰু কয় যে বেংক আৰু গ্ৰাহক সকল এটা পৰিয়ালৰ দৰে হ’ব লাগে৷তেতিয়াহে উভয়ৰে মংগল হয় বুলি তেওঁ মন্তব্য কৰে৷কাৰ্বি আংলং জিলাৰ ৰংখেলাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন সাপেক্ষে বন্ধন বেংকৰ ডিফু শাখাটোৰ উদ্বোধনী অনুষ্ঠাৰ সভাৰ সভাপতিত্ব কৰে কবি সাহিত্যিক আৰু সমাজ কৰ্মী পাৰি ৰংপিয়ে ৷অতিৰিক্ত উপায়ুক্ত উপাসনা দত্তই নিজৰ ভাষণত কয় যে বন্ধনে সমাজৰ আৰ্থিকভাৱে পিচপৰি থকা মহিলা সকলক আগবঢ়াই নিয়াৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া প্ৰশংসনীয়৷
আমাৰ এই অঞ্চলৰ মহিলা সকলেও যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণ গ্ৰহন কৰি আৰ্থিক স্বাবলম্বী হ’ব পাৰে তাৰ বাবে বন্ধনক সহায় আগবঢ়াবলৈ আহ্বান জনায়৷ উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি বন্ধন বেংকৰ জনসম্পৰ্কৰক্ষী বিষয়া অজয় কুমাৰ শীলে বন্ধন বেংকৰ সফলতাৰ খতিয়ান দাঙি ধৰি ২০০১ চনত চন্দ্ৰশেখৰ ঘোষৰ নেতৃত্বত এন জি অ হিচাপে গঢ় লোৱা বন্ধনে ২০১৫ চনত ৰিজাৰ্ভ বেংকৰ অনুমোদন পোৱাৰ পিচত এতিয়া দেশৰ আগশাৰীৰ বেংক ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে৷
বন্ধন বেংকৰ এই জয়যাত্ৰাত দেশৰ এক কোটি নব্বৈ লাখ গ্ৰাহকে অংশীদাৰ হোৱাৰ কথা উল্লেখ কৰি দেশৰ মুঠ ৩৪ খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৪ হাজাৰ ২৮৮ টা শাখা আছে আৰু ৩৭ হাজাৰ ৩৩১ গৰাকী কৰ্মচাৰী নিয়োজিত থকাৰ তথ্য দাঙি ধৰে৷ ইপিনে বন্ধন বেংকে সমাজৰ অৱহেলিত আৰু উপেক্ষিত নিৰ্যাতিত মহিলাসকলক ক্ষুদ্ৰ ঋণ প্ৰদানৰ জৰিয়তে স্বাৱলম্বিতাৰে আগবঢ়াই নিয়াৰ চেষ্টা চলাই থকা বুলি জানিব দি বিভিন্ন সামাজিক উন্নয়নমূলক কাম কাজেৰে ৰাইজৰ প্ৰিয়ভাজন হৈ পৰাৰ কথা দোহাৰে৷
উদ্বোধনী অনুষ্ঠানটোত স্থানীয় বজাৰ সমিতিৰ সম্পাদক ,বন্ধন বেংকৰ অতিৰিক্ত প্ৰাদেশীকৃত বিষয়া উৎপল তালুকদাৰ, মাণ্ডলিক পৰিচালক প্ৰাঞ্জল দিহিংগীয়া, বন্ধন বেংকৰ ডিফু শাখাৰ পৰিচালক দীপাংকৰ বৰা, ক্ষেত্ৰ পৰিচালক জয়ন্ত শইকীয়া আদি উপস্থিত থাকে৷













