ASSAM TIMES POST
ডিফু : অসম চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা অৰূন্ধতী স্বৰ্ণ আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ জিলা বিবাহ বিষয়াই ৰাইজৰ প্ৰতি এক প্ৰেছ বিবৃতি যোগে আহ্বান জনাইছে ৷ প্ৰেছ বিবৃতিটোত অনুসৰি অৰূন্ধতী স্বৰ্ণ আঁচনিৰ জৰিয়তে কণ্যাই সোণ ক্ৰয়ৰ বাবে ৩০ হাজাৰ টকা লাভ কৰিব ৷ অভিলাষী আঁচনিটোৰ সুবিধা লাভ কৰিবলৈ কণ্যাৰ বয়স ১৮ আৰু দৰাৰ বয়স ২১ বছৰ হব লাগিব ৷
তেওঁলোকে ১৯৫৪ চনৰ বিবাহৰ বিশেষ আইনৰ অধীনত বিবাহ পঞ্জীয়ণ কৰাব লাগিব ৷ ২০১৯ বৰ্ষৰ পহিলা ডিচেম্বৰ আৰু ২০২০ৰ পহিলা জানুৱাৰীৰ পিছত বিবাহত আবদ্ধ হোৱা নৱ দম্পত্তিয়ে এই আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰিব পাৰিব ৷ বিজ্ঞপ্তি খনত লগতে অৰূন্ধতী স্বৰ্ণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ কণ্যাৰ অভিভাৱকৰ বছৰি আয় ৫ লাখৰ তলত হোৱাৰ লগতে এই সুবিধা কেৱল এবাৰ বিবাহৰ বাবে প্ৰযোজ্য বুলি কোৱা হয় ৷ দৰা- কইণা মেট্ৰিক উত্তীৰ্ণ বা ইয়াৰ সম পৰ্যায়ৰ হোৱাটো বাঞ্ছনীয়৷
আদিবাসী আৰু চাহ জনগোষ্ঠীৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহ’ব ৷ অৰূন্ধতী স্বৰ্ণ আঁচনিৰ সংক্ৰান্তত বিতং ভাবে জানিবলৈ ডিফুৰ উপায়ুক্ত কাৰ্যালয়ত থকা বিবাহ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে ৷













