
এমাহৰো অধিক সময়ৰ জীৱন-মৰণৰ যুদ্ধৰ অন্তত অৱশেষত মৃত্যু হয় চণ্ডীগড়ৰ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী (Social Media Influencer) মঞ্জিত কৌৰৰ (Manjit Kaur) (২৮)। চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত (পিজিআইএমইআৰ) তেওঁ চিকিৎসাধীন হৈ আছিল। শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, ২৬ আগষ্টত তেওঁৰ মৃত্যু (Death) হয়।
অভিযোগ অনুসৰি, ৩ জুলাইত তেওঁৰ চিনাকি দুজন ব্যক্তিয়ে তেওঁক লগ কৰিবলৈ মাতে। মঞ্জিতে তেওঁলোকক লগ কৰিবলৈ যোৱাৰ সময়ত তেওঁক বলপূৰ্বকভাৱে গাড়ীৰে লৈ যোৱা হয়। ইয়াৰ পিছত মৰিণ্ডা নামৰ ঠাইত তেওঁক ধৰ্ষণ কৰা হয়। কেৱল সেয়াই নহয়, মঞ্জিতক এজোপা গছত বান্ধি জুই লগাই দিয়ে। ইয়াৰ পিছত স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়। অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে যোৱা ৯ জুলাইত চণ্ডীগড়ৰ পিজিআইএমইআৰলৈ স্থানান্তৰ কৰা হয়। তাত এমাহতকৈও অধিক সময় ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অচেতন হৈ থকাৰ পিছত ৫ আগষ্টত তেওঁ পুনৰ চেতনা লাভ কৰে। সচেতন হোৱাৰ পিছত তেওঁ পৰিয়ালক এই বিষয়ে অৱগত কৰে। পৰিয়ালৰ দাবী, যদিও তেওঁ আৰক্ষীক বিবৃতি দিব বিচাৰিছিল, তথাপিও তেওঁৰ বক্তব্য সময়মতে ৰেকৰ্ড কৰা হোৱা নাছিল। পৰিয়ালটোৱে দুজন চিনাকি লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁলোকক বিচাৰি উলিয়াবলৈ অভিযান চলি আছে।
চণ্ডীগড়ৰ ছেক্টৰ ৩৪ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সদিলালে মঞ্জিতৰ বিবাহ বিচ্ছেদ হোৱা বুলি জানিবলৈ দিয়ে। তেওঁৰ এটা সাত বছৰীয়া সন্তানো আছে। সন্দেহ কৰা হৈছে যে মঞ্জিতৰ এজন অভিযুক্তৰ সৈতে লিভ-ইন সম্পৰ্ক আছিল।












