
ধাৰাসাৰ আৰু অবিৰত বৰষুণত পুনৰ বিধ্বস্ত হৈ পৰিছে কেৰালাৰ ৱায়নাড় (Wayanad, Kerala)। জিলাখনত মঙলবাৰে ভূমিস্খলন (Landslide) সংঘটিত হয়। ফলত বোকাপানী ববলৈ আৰম্ভ কৰে। স্থানীয় কৰ্তৃপক্ষই আশংকা কৰিছে যে তাত বহু লোক আবদ্ধ হ’ব পাৰে। উদ্ধাৰকাৰ্যও আৰম্ভ হৈছে। উল্লেখ্য যে ২০২৪ চনৰ জুলাই মাহত ৱায়নাড়ৰ ইখনৰ পিছত সিখন গাঁও ভয়ংকৰ ভূমিস্খলনে ধ্বংস কৰিছিল। সেই দুৰ্যোগত শতাধিক লোকৰ মৃত্যু হৈছিল।
মালাপ্পুৰম আৰু ৱায়নাড় জিলাৰ সংযোগস্থলত এটা সুৰংগ নিৰ্মাণ কৰি আছিল। কল্লড়িৰ মীনাক্ষী দলঙৰ সমীপৱৰ্তী অঞ্চলটোত এই সুৰংগটো ভাঙি পৰে। ঘটনাৰ সময়ত অঞ্চলটোত শ্ৰমিকসকলে নিৰ্মাণকাৰ্য কৰি আছিল। সুৰংগটোৰ এটা অংশ ভাঙি যায়। ইয়াৰ তলত বহু লোক তাত আবদ্ধ হৈ থকাৰ আশংকা কৰিছে কৰ্তৃপক্ষই। স্থানীয় প্ৰশাসনে খৰখেদাকৈ অঞ্চলটোত উদ্ধাৰ কাম আৰম্ভ কৰে। দুৰ্যোগ সঁহাৰি বাহিনী অহাৰ পূৰ্বেই স্থানীয় লোকে উদ্ধাৰৰ কাম আৰম্ভ কৰে।

উদ্ধাৰ কামৰ লগত জড়িত বিষয়াসকলে জনোৱা মতে, এই পৰ্যন্ত ৭ জন লোকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। ইয়াৰে পাঁচজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীও আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো অৱগত কৰা হৈছে।
কৰ্তৃপক্ষই জনোৱা মতে, বিগত ২৪ ঘণ্টাত অঞ্চলটোত ২৬৫ মিলিমিটাৰ বৰষুণ হৈছে। অবিৰত বৰষুণৰ ফলত ভূমিস্খলন হোৱা বুলি অনুমান কৰা হৈছে। ঘটনাস্থলীত কেইবাখনো গাড়ীও ক্ষতিগ্ৰস্ত হয়। ঘটনাস্থলীৰ ওচৰতে কেইবাটাও ঘৰ আৰু হোমষ্টে আছে। কিন্তু উক্ত ঘৰবোৰৰ ক্ষতি হৈছেনে নাই সেয়া স্পষ্ট হোৱা নাই। স্থানীয় ৰাইজক উলিয়াই অনাৰ ব্যৱস্থা কৰা হৈছে।
ভূমিস্খলনৰ ঘটনাৰ ওপৰত চকু ৰাখিছে কেৰালাৰ মুখ্যমন্ত্রী ভি ডি সতীশনে। স্থানীয় বিধায়ক তথা মন্ত্ৰী টি ছিদ্দিকীৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈছে। উদ্ধাৰ অভিযানৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। সতীশনে ছিদ্দিকীক ততাতৈয়াকৈ উক্ত স্থানলৈ যাবলৈ নিৰ্দেশ দিছে। ৱায়নাড়ৰ সাংসদ হৈছে প্ৰিয়ংকা গান্ধী। মঙলবাৰৰ ভূমিস্খলনে দুবছৰ পূৰ্বে হোৱা ৱায়নাড় দুৰ্যোগৰ স্মৃতি পুনৰ সজীৱ কৰে।













