
তেলেংগানাত (Telangana) এজন আৰক্ষী বিষয়া (Police officer)ৰ ৩০০ কোটি টকাৰ সম্পত্তি (Property worth 300 crore rupees) উদ্ধাৰ (rescue) কৰিছে দুৰ্নীতি নিবাৰক ব্যুৰোৱে (Anti-corruption bureau)। সূত্ৰ অনুসৰি, উপ-আৰক্ষী অধীক্ষক শংকিৰেড্ডী ভীম ৰেড্ডী (Shankireddy Bhim Reddy)ৰ বিৰুদ্ধে অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত সোমবাৰে এচিবিয়ে আৰম্ভ কৰে অনুসন্ধান অভিযান। তদন্তৰ সময়ত এচিবিৰ বিষয়াসকলে আৰক্ষী বিষয়াজনৰ বিপুল পৰিমাণৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি উদ্ধাৰ কৰে।
ইয়াৰ পিছত তেওঁলোকে ভীম ৰেড্ডীক নিজৰ জিম্মালৈ নিয়ে। এচিবিৰ সূত্ৰ অনুসৰি, সোমবাৰে সন্ধিয়া ইব্ৰাহিমগড়স্থিত ঘৰৰ পৰা আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, আৰক্ষী বিষয়াজনৰ ১৫টা ঠিকনাত তালাচী চলোৱা হয়। ইয়াৰ উপৰি তেলেংগানা আৰু কৰ্ণাটকত থকা তেওঁৰ আত্মীয় আৰু বন্ধু-বান্ধৱীৰ ঘৰতো তালাচী চলোৱা হয়। আৰক্ষী বিষয়াজনৰ এটা ঠিকনাৰ পৰা নগদ ৩ লাখ ৬০ হাজাৰ টকা উদ্ধাৰ হোৱা বুলি এচিবিয়ে জানিবলৈ দিয়ে। আন এটা ঠিকনাৰ পৰা উদ্ধাৰ হৈছে ৪০ লাখ টকা, ২ কেজি সোণৰ গহনা, ২০ কেজি ৰূপৰ গহনা আৰু সামগ্ৰী। ইয়াৰ উপৰি ডিএছপিগৰাকীৰ একাউণ্টৰ পৰা ২০ লাখ টকা উদ্ধাৰ হৈছে।

২ জুলাইৰ পৰা এচিবিয়ে আৰম্ভ কৰা তালাচী অভিযান ৬ জুলাইলৈকে অব্যাহত আছিল। এই চাৰিদিনীয়া তালাচীৰ সময়ত হায়দৰাবাদৰ ইব্ৰাহিমগড়ত এটা বাংলো, টেলিকমনগৰৰ তিনিমহলীয়া ঘৰ, পেণ্টহাউচ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি উক্ত অঞ্চলত আন এটা ফ্লেটৰ সন্ধান পোৱা যায়। আনহাতে, গাচিবৌলীত এটা ফ্লেট আছে। মণিকোণ্ডাত ৫০০ বৰ্গফুটৰ এটা বাণিজ্যিক ভৱন, আন এটা ৩০০০ বৰ্গফুটৰ বাণিজ্যিক ভৱন আছে। ৰিজ’ৰ্ট টেলাপুৰত দুটা ফ্লেট। সংগৰেড্ডী জিলাত চাড়ে তিনি একৰ কৃষিভূমি।
তেলেংগানাৰ উপৰি ডিএছপিগৰাকীৰ কৰ্ণাটকতো বিশাল সম্পত্তিৰ সন্ধান পোৱা গৈছে। ৰাজ্যখনত ৬০০ একৰ আৰু আন ৩৮ একৰ কৃষিভূমি আছে। বেংগালুৰুতো এক একৰ মাটি আছে। আনহাতে, নাগোলেত ২০০ বৰ্গফুট, পটাঞ্চেৰুত ৪০০ আৰু ২০০ বৰ্গফুট, বিকাৰবাদত ১০০০ বৰ্গফুটৰ ফ্লেট, বিকাৰবাদত ২ একৰ কৃষিভূমি আছে। ইয়াৰ উপৰি কৰ্ণাটকৰ আন কেবাটাও ঠাইত বেনামী সম্পত্তি উদ্ধাৰ হৈছে। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫০০ কোটিৰো অধিক হ’ব পাৰে।












