ASSAM TIMES POST
ডিফু : আজি পাহাৰীয়া জিলা কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ আৱাসিক এলেকাত সংঘটিত হ’ল এক অগ্নিকাণ্ড ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু চহৰত সাৰ আৰু বীজৰ ব্যৱসায় কৰা অৰুণ সিঙৰ ডিফু পাণবাৰী স্থিত বাসগৃহত সংঘটিত হয় উক্ত অগ্নিকাণ্ড ৷
সেই সময়ত অৰুণ তেৰাঙ বজাৰত ব্যৱসায় স্থানত থকাৰ পৰিৱৰ্তে ঘৰৰ মহিলা সকল ঘৰুৱা অনান্য কামত ব্যস্ত আছিল ৷ ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখিয়েই হুলস্থুল লাগাত স্থানীয় লোক ওলাই আহি তৎপৰতীৰে পানী ঢালি অগ্নিৰ লেলিহান শিখাক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷
ইয়াৰ পিছতে ডিফুস্থিত অগ্নিনিৰ্বাপক বাগিনীয়ে অগ্নিকাণ্ডৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাগিনীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপীয়ে অগ্নি নিৰ্বাপক বাহন সহ ঘটনাস্থলীত উপস্থিত হৈ ঘন আবাসিক এলেকাটোত অগ্নিকাণ্ড বিস্তাৰিত নহবলৈ পানী ঢালি চেষ্টা কৰাত এলেকাটোৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ পৰা ৰক্ষা পৰে ৷ ভুক্তভোগী পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি অগ্নিকাণ্ডৰ ফলত বিশেষ ক্ষতি নহলেও ঘৰৰ কাপোৰ-কানি অন্যান্য বহু সামগ্ৰী অগ্নি কাণ্ডত জাঁহ যায় ৷












