ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত, ২৮ ফেব্ৰুৱাৰীঃ যোৱা ১৬ ফেব্ৰুৱাৰীত বৃহত্তৰ বোকাখাত অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, সংগঠক, বহুকেইখন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ অন্যতম প্ৰতিষ্ঠাপক সমাজ হিতৈষী টংকেশ্বৰ হাজৰিকাৰ ৯৪ বছৰ বয়সত ৰজাবাৰী খতিয়াখলিৰ নিজা বাসভৱনত দেহাৱসান ঘটে। আজীৱন প্ৰগতিবাদী আদৰ্শক খামুচি ধৰি জীৱন আৰু উজ্বল কৰ্ম আদৰ্শেৰে সমাজক উত্তৰণৰ এটা নতুন দিশ প্ৰদান কৰোঁতা মহীৰূহ গৰাকীৰ জীৱন আৰু অসাধাৰণ কৰ্ম আদৰ্শক সাকাৰ ৰূপ দিয়াৰ প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিওৱা হয় সোঁৱৰণি গ্ৰন্থ ‘অস্তৰাগ’ৰ। যোৱা ২৬ ফেব্ৰুৱাৰীত আদ্যশ্ৰাদ্ধ উপলক্ষ্যে প্ৰয়াত গৰাকীৰ গৃহত পৰিয়ালৰ লোকৰ লগতে যথেষ্ট সংখ্যক স্থানীয় লোক আৰু বিভিন্ন স্থানৰ পৰা অহা অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত ক্ৰমে বুবুল দত্ত, অজন্তা তালুকদাৰ আৰু প্ৰাঞ্জল হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত ‘অস্তৰাগ’ৰ উন্মোচন কৰে বিশিষ্ট লেখক, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰাক্তন ক্ৰীড়াবিদ গোলোক বৰাই। সোঁৱৰণি গ্ৰন্থ উন্মোচন কৰি প্ৰদান কৰা সংক্ষিপ্ত ভাষণত যথেষ্ট আবেগিক হৈ পৰা উন্মোচক গৰাকীয়ে বিশাল ব্যক্তিত্ব সম্পন্ন প্ৰয়াত হাজৰিকাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰি সমাজ আৰু জাতিৰ স্বাৰ্থত তেওঁ দেখুৱাই যোৱা পথেৰে তৰুণ প্ৰজন্মক আগবাঢ়ি যাবলৈ উদ্বুদ্ধ কৰি তোলে।
উল্লেখ্য যে প্ৰয়াত সমাজ সুহৃদ গৰাকীৰ শৱদেহ ৭৫ ৰ অধিক দল-সংগঠন আৰু অগণন শোকাকুল ৰাইজে বৃহৎ সমদলেৰে হাজৰিকাৰ নশ্বৰদেহক তেওঁৰ তৎপৰতাত প্ৰতিষ্ঠা হোৱা ৰজাবাৰী হাইস্কুল, নুমলীগড় জুনিয়ৰ কলেজ, ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভা, কুৰুৱাবাহী সমবায় সমিতিকে আদি কৰি অনুষ্ঠান প্ৰতিষ্ঠান সমূহলৈ নি শ্ৰদ্ধাঞ্জলি যাচিছিল। অন্যান্য স্মৰণিকাৰ তুলনাত দলিল স্বৰূপ ১৪৪ পৃষ্ঠাৰ কলেৱৰৰ সোঁৱৰণি গ্ৰন্থ ‘অস্তৰাগ’ত সন্নিবিষ্ট হৈছে ৬০ টা বহু মূল্যবান লেখা, প্ৰয়াত হাজৰিকাৰ জীৱন কালৰ কিছু মূল্যবান ছবিৰ লগতে যথেষ্ট সংখ্যক শোকবাৰ্তা। ‘অস্তৰাগ’ৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই আঁট ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত গ্ৰন্থখনৰ লেখক সকলৰ ওপৰিও উপস্থিত আছিল তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা।