ASSAM TIMES POST
চোৰৰ গুলীত গুলীবিদ্ধ পিতৃ-জীয়ৰীৰ ৷ হোজাইৰ হাম হস্পিতালত চিকিৎসাধীন
ডিফু : পশ্চিম কাৰবি আংলঙত গৰু চোৰৰ সন্ত্ৰাসত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷চোৰৰ গুলীত গুলীবিদ্ধ হৈছে পিতৃ-জীয়ৰী ৷ ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম আৰক্ষী চকীৰ অন্তৰ্গত তৰাডুবি স্থিত দ’ গাঁৱত ৷ নিশা প্ৰায় এমানবজাত বিপিন বৰাৰ গোহালিলৈ ৬ জনকৈ গৰু চোৰে গৰু কেইটা চুৰি কৰাৰ চেষ্টা চলাওঁতেই গৃহস্থ বিপিন বৰাৰ চাৰিজন সদস্যই এজন চোৰক আটক কৰাৰ চেষ্টা চলায় ৷ এনেতে চোৰৰ সৈতে বহু সময় ধৰি চলা টনা-আঁজোৰাৰ অন্তত চোৰজনে অৱশেষত হাতে নিৰ্মিত বন্দুকেৰে গুলীচালনা কৰাত গৃহস্থ বিপিন বৰাৰ দুই ভৰিত ৬ টাকৈ গুলী লগাৰ লগতে জীয়ৰী ৰশ্মিৰেখা বৰাৰো দুটাকৈ গুলী ভৰিত লাগি আঘাত প্ৰাপ্ত্ হ’য় ৷
গুলীচালনা কৰা পাছতেই চোৰ নিশাৰ এন্ধাৰৰ সুযোগত আঁতৰি যায় ৷ এই চুৰি কাৰ্যৰ সৈতে জড়িত গাঁওখনৰে জিম্বু ডেকাৰজা, ৰামবাবু বৰা আৰু ভূপেন বৰা নামৰ তিনিও জনক ডংকামোকাম আৰক্ষীয়ে নিশাটোতেই আটক কৰিবলৈ সক্ষম হ’য় ৷ সম্প্ৰতি তিনিও জনকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ চোৰৰ গুলীত আঘাত প্ৰাপ্ত বিপিন বৰা আৰু জীয়ৰী ৰশ্মিৰেখা বৰা সম্প্ৰতি হোজাইৰ হাম হস্পিতালত চিকিৎসাধীন হৈ আছে ৷













