ASSAM TIMES POST
ডিফু : বিগত কিছুদিন ধৰি কাৰবি আংলং আৰু ডিমাহাচাওত ধন দাবী আৰু কুটাঘাতেৰে সন্ত্ৰাস সৃষ্টি কৰি অহা ডিএনএলএ উগ্ৰপন্থী সদস্যই আজি ডিমা হাচাও জিলাত গুলীচালনা কৰি পুণৰ এক আতংকময় পৰিস্থিৰ সৃষ্টি কৰে ৷



ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা সংগঠনটোৰ কেডাৰে জিলাখনৰ লালটিং থানাৰ অন্তৰ্গত মাইলুত শ্ৰমিক কঢ়িয়াই নিয়া এখন মিনি ট্ৰাকত জধে মধে গুলীচালনা কৰে ৷ পুৱাৰ ভাগত এএছ ০৯ এচি ০৫০৫ নম্বৰৰ মিনি ট্ৰাকখনত ১৭ জনীয়া শ্ৰমিকক ডিএনএলএৰ ৬/৭ জনীয়া দলে প্ৰথমে নামিবলৈ নিৰ্দেশ দিয়ে আৰু ডাম্পাৰ, টেংকাৰ আৰু ট্ৰাকখনলৈ উদ্দেশ্যি ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৷
গুলীচালনাৰ ফলত বাহন কেইখনৰ বাহন কেইখনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ প্ৰাপ্ত তথ অনুসৰি কিছুদিন পূৰ্বে উগ্ৰপন্থী সদস্য সকলে ঠিকাদাৰক দাবী কৰা ধন আদায় নোপোৱাৰ বাবেই গুলীচালনা সংঘটিত কৰা হৈছে বুলি সন্দেহ কৰা হৈছে ৷ ঘটনাস্থলীত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ উগ্ৰপন্থী সংগঠনটোৱে ডিমাহাচাওৰ মাইবং চুবুৰীয়াৰ ৰাজ্যৰ নাগালেণ্ডৰ ডিমাপুৰ আদিত আশ্ৰয়লৈ কুটাঘাত অব্যাহত ৰাখিছে বুলি সচেতনমহলে সন্দেহ প্ৰকাশ কৰিছে ৷












