ASSAM TIMES POST
ডিফু : জিলা ন্যায়সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি জুভেনাইল জাষ্টিছ ব’ৰ্ডৰ অংশীদাৰ সকলৰ মাজত ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এক সভা সম্পন্ন হয় ৷ ডিএলএছএৰ সচিব এন আহমেদৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত জুভেনাইল জাষ্টিছ বৰ্ডৰ প্ৰধান দণ্ডাধীশ ডি টাই, পশ্চিম কাৰবি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এলিনা টেৰণপী , জিলাখনৰ জুভেনাইল আৰক্ষী বিষয়া, অতিৰিক্ত আয়ুক্ত, চিডব্লিউচিৰ সদস্য, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ চিকিৎসক সকল উপস্থিত থাকে ৷

উক্ত সভাত জুভেনাইল সংক্ৰান্তীয় সুৰক্ষা আৰু জুভেনাইলত জড়িত শিশু সকলৰ কল্যাণ আদি সন্দৰ্ভত বিস্তৃত আলোচনা হয় ৷ জুভেনাইল এক্টৰ অধীনত জুভেনাইল পুলিছে মুখামুখী হোৱা সমস্যা সন্দৰ্ভতো আলোচনা হয় ৷ আজিৰ জুভেনাইল জাষ্টিছ বৰ্ডৰ সভাখন সফলতাৰে সমাপন হয় ৷













