
ব্ৰিগেড পেৰেড খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে (Suvendu Adhikari) ।

তেওঁৰ মন্ত্ৰীসভাত ঘোষণা কৰা হৈছে পাঁচজনৰ নাম। উত্তৰ বংগৰ দুজন আৰু দক্ষিণ বংগৰ তিনিজনক মন্ত্ৰীসভাত স্থান দিয়া হৈছে। তাৰ ভিতৰত জনজাতীয় মুখ, লগতে মাতুৱা আৰু ৰাজবংশী অঞ্চলৰ বিধায়ক আছে।
শুভেন্দুৰ পাঁচজন মন্ত্ৰী হ’ল দিলীপ ঘোষ, অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনিয়া, নিশিত প্ৰামাণিক আৰু খুদিৰাম টুডু। শনিবাৰে শুভেন্দুৰ পিছতে শপত গ্ৰহণ কৰে দিলীপ ঘোষে। তেওঁৰ পিছত অগ্নিমিত্ৰ পাল, মাতুৱাৰ বিধায়ক অশোক কীৰ্তনিয়া, জনজাতীয় বিধায়ক খুদিৰাম টুডু আৰু শেষত ৰাজবংশী প্ৰধান অঞ্চলৰ পৰা নিশিত প্ৰামাণিকে শপত গ্ৰহণ কৰে।
ভবানীপুৰ আৰু নন্দিগ্ৰামৰ পৰা শুভেন্দু অধিকাৰীয়ে জয়লাভ কৰে। খড়গপুৰ সদৰৰ পৰা জয়লাভ কৰে দিলীপ ঘোষে। আছানছোল দক্ষিণৰ পৰা বিধায়ক অগ্নিমিত্ৰই জয়লাভ কৰে।
বংগাইগাঁও উত্তৰৰ পৰা অশোক কীৰ্তনীয়া, বাংকুৰাৰ ৰাণীবন্ধ সমষ্টিৰ পৰা খুদিৰাম টুডু আৰু কুচবিহাৰৰ মথাভংগাৰ পৰা নিশিত প্ৰামাণিক জয়ী হয়। এই পাঁচজন শুভেন্দুৰ মন্ত্ৰীসভাত আছে। অৱশ্যে কোনটো বিভাগ কোনে পাব সেই কথা ঘোষণা কৰা হোৱা নাই।
যোৱা ৪ মে’ত ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। ২০৭ খন আসন লাভ কৰি বিজেপিয়ে ক্ষমতালৈ আহে। বিজেপি জয়ী হ’লে কোন মুখ্যমন্ত্রী হ’ব সেই প্রশ্ন বাৰে বাৰে বিজেপিৰ শীর্ষ নেতৃত্বৰ সন্মুখত উত্থাপন হয়৷ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী আৰু দলৰ শীর্ষ নেতৃত্বলৈকে তেওঁলোকে বাৰে বাৰে কৈ আহিছে যে এজন বঙালী আৰু বাংলা ভাষাত শিক্ষিত নেতাক মুখ্যমন্ত্রী হিচাপে বাছনি কৰা হ’ব৷
বিজেপি ক্ষমতালৈ আহিলে মুখ্যমন্ত্রী হোৱাৰ দৌৰত শুভেন্দু অধিকাৰী থাকিব বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চা আৰু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল৷ যেতিয়া ৰাজ্যত গেৰুৱা ধুমুহা আৰম্ভ হয়, তেতিয়া সেই জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰে।
অৱশেষত সেই জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে নিশ্চিত হয়, যেতিয়া শুভেন্দুক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দলৰ সকলো সদস্যৰ প্ৰস্তাৱত তেওঁক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।
বিধায়িনী দলৰ বৈঠকৰ অন্তত অমিত শ্বাহে কয়, “বিধায়িনী দলৰ নেতা নির্বাচনৰ প্রক্রিয়া সম্পূর্ণ হৈছে৷ আঠটা প্রস্তাৱ আহে৷ আটাইকেইটা প্রস্তাৱত মাত্র এটা নাম আছিল৷ দ্বিতীয় নামটোৰ বাবে পৰ্যাপ্ত সময় দিয়া হ’ল৷ কিন্তু দ্বিতীয় নাম নাহিল৷ সেয়ে শুভেন্দু অধিকাৰীক পশ্চিমবংগৰ মুখ্যমন্ত্রী হিচাপে ঘোষণা কৰিছোঁ৷”









