ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফু
কাৰবি ভাষা উন্নয়ণৰ কাম-কাজ সুচাৰুৰূপে চলাই নিবলৈ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সংসদীয় ভাৰপ্ৰাপ্ত যুটীয়া সচিবে ৬ জনকৈ ব্যক্তিক কাৰবি ভাষা উন্নয়ণ পৰিষদৰ সদস্য সচিব হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্যৰ অনুমদন মৰ্মে পৰিষদৰ ৭ নৱেম্বৰ ২০১৯ তাৰিখৰ কাৰ্যালয় অধিসূচনানং KAAC/ID/392/2020/1380 মতে সদস্য সচিব সকলক নিযুক্তি প্ৰদান কৰা হ’ল বুলি কাৰবি ভাষা উন্নয়ণ পৰিষদৰ অধ্যক্ষ লংছিং টেৰণে জানিবলৈ দিছে ৷
কাৰবি ভাষা উন্নয়ণ পৰিষদৰ নৱনিযুক্ত সদস্য সচিব সকল ক্ৰমে, ধৰমনালাৰ খৰছিং টেৰণ, বকলিয়া তেতেলিগুৰিৰ খয়াছিং হাঞ্ছে, হংক্ৰামৰ হাংমিজি হাঞ্চে, ডিফু ছামপ্ৰীকিমি কাকতৰ সম্পাদক কিৰি ৰংহাঙ, ৰংমিজিৰ কাকৰাই টেৰণপী, ডিফু হিদিলাংচৰ মণ্ডল টেৰণ আৰু ডিফুৰ হেকিম ৰংপি













