ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং আৰু ডিফু
ডিফু কেন্দ্ৰীয় চৰকাৰে অলপতে ৰূপায়ণ কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ উদ্যোগত অব্যাহত থকা জনজাগৰণ কাৰ্যসূচীৰ এখনি গুৰুত্বপূৰ্ণ সভা আজি পশ্চিম কাৰবি আংলং জিলাৰ ডংকামোকামত অনুষ্ঠিত হৈ যায় ৷ উক্ত ৰাজহুৱা সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই প্ৰদান কৰা ভাষণত শাসকীয় বিজেপি দলক কঠোৰ সমালোচনা কৰে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক ফাঁকিবাজ বুলি অভিহিত কৰি সভাপতি গৰাকীয়ে কয়যে, বিগত সময়ছোৱাত দলটোৱে প্ৰদান কৰা কোনো প্ৰতিশ্ৰুতিয়েই পালন নকৰাৰ অভিযোগ কৰে ৷

বিশেষকৈ ব্যাপক মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ ব্যৰ্থতাক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিজেপি চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট আদায় কৰাৰ পিছতো নিজৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৷ যাৰবাবে ১৫ টকাৰ কেৰাচিনৰ মুল্য ৪৫ টকা আৰু ৩৫০ টকাৰ ৰন্ধন গেছ ১০০০ টকালৈ বৃদ্ধি পোৱা বুলি মন্তব্য কৰে ৷ অসমতো বিজেপি চৰকাৰে ফাঁকিৰেই চৰকাৰ চলোৱা বুলি মন্তব্য কৰি বৰাই কয়যে, অসম চৰকাৰে ছাত্ৰীক স্কুটী প্ৰদান, আত্ম সহায়ক গোট সমূহক ৫ লাখ টকাকৈ সাহায্য প্ৰদান, এতোলাকৈ সোণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই আটাইবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ হৈছে ৷
২০১৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি ভাৰত এৰি গুছি যাব লাগিব বুলি কৈছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত বাংলাদেশী খেদাতো দূৰৈৰ কথা ওলোটাই বাংলাদেশীক টালি-টোপোলাৰ সৈতে আদৰি অনাৰ বাবে আইনৰ ব্যৱস্থা কৰাতহে গুৰুত্ব দিলে ৷ নাগৰিকত্ব সংশোংধনী আইন ‘কা’ৰ বিৰুদ্ধেই সভাপতি গৰাকীক সৰৱ হোৱা পৰিলক্ষিত হয় ৷ আইনখনক অসাংবিধানিক হোৱাৰ বাবেই আজি পাহাৰ-ভৈয়ামৰ লোকে আইনখন বাতিলৰ দাবীৰে আন্দোলন কৰি আছে বুলি মন্তব্য কৰে ৷ এই আইনে অসমীয়া জাতিক নিঃশেষ কৰিব বুলি আশংকা কৰে সভাপতি গৰাকীয়ে ৷
জনসংখ্যা সমস্যাই জুৰুলা কৰা আমাৰ দেশখনত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা বিদেশীক আনি সংস্থাপিত কৰা কাৰ্য কোনোপধ্যেই মানি লব নোৱাৰি বুলি মন্তব্য কৰে ৷ ‘কা’ আইনখনক ক’লা আইন বুলি মন্তব্য কৰি কংগ্ৰেছ শাসনলৈ আহিলে দেশৰ পৰা ‘কা’ বাতিল কৰা হব, আৰু এই আইন কেৱল কংগ্ৰেছেহে বাতিল কৰিব পাৰিব বুলি কয় ৰিপুণ বৰাই ৷ সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টচাৰ্যইও বিজেপি চৰকাৰৰ বিভিন্ন কাম-কাজৰ সমালোচনা কৰে ৷ ইয়াৰোপৰি দুই সহস্ৰাধিকৰ লোকৰে ঘিলানীৰ পৰা ডংকামোকামলৈ কংগ্ৰেছৰ এক সমদল বাহিৰ কৰা হয় ৷ সমদলত অংশ গ্ৰহণকাৰী সকলে প্লে কাৰ্ড, বেনাৰ আদি প্ৰদৰ্শন কৰি ‘কা’ বিৰুধী বিভিন্ন শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে ৷ আজিৰ সভাত বিভিন্ন দলৰ ২৫ জন কৰ্মী আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান কৰে ৷ সভাত পশ্চিম কাৰবি আংলং জিলা কংগ্ৰেছৰ সভাপতিৰ ছাৰ্থে ক্ৰামছাৰ লগতে কেইবাগৰাকী নেতা- কৰ্মী উপস্থিত থাকে ৷ কাইলৈ ডিফু, বকলিয়াঘাট ডকমকাতো এলানি জনজাগৰণ কাৰ্যসূচী অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ৷












