
মহিলা সংৰক্ষণ (Women Reservation) আৰু লোকসভাৰ আসন বৃদ্ধিৰ (Increase in Lok Sabha seats) সন্দৰ্ভত ১৩১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়কক লৈ শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় ভোটদান। কিন্তু সাংবিধানিক সংশোধনীৰ বাবে প্ৰয়োজনীয় দুই তৃতীয়াংশ ভোট লাভ কৰাত ব্যৰ্থ হোৱাত শাসকীয় পক্ষৰ মনোকামনা পূৰ্ণ নহ’ল। অৰ্থাৎ লোকসভাত গৃহীত নহ’ল বিধেয়কখন।
দুদিনীয়া বিতৰ্কৰ অন্তত শুকুৰবাৰে সন্ধিয়া বিধেয়কখনৰ ওপৰত ভোটদান অনুষ্ঠিত হয়। ইফালে বিৰোধীৰ যুদ্ধংদেহী মনোভাব অনুভৱ কৰি ভোটদানৰ পূৰ্বে চৰকাৰী পক্ষৰ অন্তিমগৰাকী বক্তা অমিত শ্বাহে বিৰোধীক পোনপটীয়াকৈ ‘মহিলাবিৰোধী’ বুলি লেবেল লগোৱাৰ চেষ্টা কৰে। ইয়াৰ লগতে জনসংখ্যা বৃদ্ধি পাইছে বুলি যুক্তি দি সংসদৰ আসন সংখ্যা বৃদ্ধিৰো পোষকতা কৰে। অমিত শ্বাহে কয়, “এটা লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৪৮ লাখ। তাত থকা সাংসদে ভোটাৰৰ আশা কেনেদৰে পূৰণ কৰিব?”

বিৰোধীৰ ওচৰত আবেদন জনাই তেওঁ কয়, “আমাক বিশ্বাস কৰক। বিধেয়কখন গৃহীত হ’ব দিয়ক।” কিন্তু অমিত শ্বাহৰ এই আবেদনৰ পিছতো চৰকাৰৰ ৰাজনৈতিক কৌশল অনুভৱ কৰি বিজেপিবিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সাংসদসকলে নিজৰ স্থিতিত দৃঢ়তাৰে থাকে। বিৰোধীৰ বাধাৰ সন্মুখীন হৈ কিছু সময়ৰ পিছতে অমিত শ্বাহ ক্ৰোধিত হৈ পৰে। তেওঁ দক্ষিণ ভাৰতৰ বঞ্চনাৰ অভিযোগ খাৰিজ কৰি বিৰোধীক কয়, “আপোনালোকে দেশখন বিভাজন কৰিব বিচাৰে নেকি? আপোনালোকৰ চুলি বগা হ’ব, কিন্তু ইয়াত উপস্থিত হ’ব নোৱাৰিব (বিৰোধী বেঞ্চলৈ আঙুলিয়াই)।” লগতে তেওঁ সকীয়াই দিয়ে, “ইয়াৰ পিছত যেতিয়া ময়দানলৈ যাব, তেতিয়া মাতৃ শক্তিৰ ক্ৰোধ অনুভৱ কৰিব।”
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ তিনিদিনীয়া বিশেষ অধিবেশনত তিনিখন বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰে কেন্দ্ৰ। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰা তিনিখন বিধেয়কৰ ভিতৰত প্ৰথমখন আছিল লোকসভা আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰি ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক (আনুষ্ঠানিকভাৱে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ বুলি কোৱা হয়)। ইয়াৰ ভিতৰত লোকসভাত সাংসদৰ সংখ্যা ৮৫০ জনলৈ বৃদ্ধি, দ্বিতীয়টো হ’ল লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক। তৃতীয়খন হৈছে কেন্দ্ৰীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক (কেন্দ্ৰীয়শাসিত অঞ্চলত আসন বৃদ্ধিৰ বাবে)। কিন্তু প্ৰথমখন বিধেয়ক গৃহীত কৰাত ব্যৰ্থ হোৱাত বাকী দুখন বিধেয়ক চৰকাৰে উঠাই লয়।










