
অৱশেষত পশ্চিমবংগত গেৰুৱা ধুমুহা (Saffron storm in West Bengal)ত খহি পৰিল (fell down) তৃণমূল কংগ্ৰেছৰ ভেটি (Base of the Trinamool Congress) । চতুৰ্থবাৰৰ বাবে বংগৰ ৰাজপাট দখলৰ আশা ধূলিসাৎ হ’ল মমতা বেনাৰ্জীৰ। কেৱল সেয়াই নহয়, বংগত বিজেপিৰ ঢৌত উটি-ভাহি গ’ল তৃণমূল। এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনত বিজেপিয়ে বংগত (BJP in West Bengal) ২০৭ খন আসন দখল (Occupying 207 seats) কৰি শাসনৰ বাঘজৰী হাতত ল’বলৈ আগবাঢ়িছে বিজেপি। আনহাতে, তৃণমূলে মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থকাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে দুখন আসন। এইবাৰ বংগ ভূমিৰ পৰা নিশ্চিহ্ন হ’ল বাওঁপন্থী দল।

আন এক অভ্যুত্থানত নিৰ্বানী যুঁজত নামিয়েই দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা বিজয়ে (South Actor Vijay) দেখুৱাইছে বিজয়ৰ চমক। বিজয়ৰ দল টিভিকেয়ে (TVK) ১০৭ খন আসন দখল কৰি ক্ষমতাৰ বাঘজৰী হাতত ল’বলৈ আগবাঢ়িছে। আনহাতে, শাসনাধিষ্ঠিত ডিএমকেয়ে লাভ কৰে ৭৪ খন আসন। আনহাতে এআইডিএমকে-বিজেপি মিত্ৰজোঁটে লাভ কৰে ৫৩ খন আসন।
একেদৰে কেৰালাতো শাসন ক্ষমতা হাতত ৰখাৰ দিশে আগবাঢ়িছে ইউডিএফ। শাসনাধিষ্ঠিত এলডিএফক পৰাস্ত কৰি ইউডিএফে ১০২ খন আসন লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে। আনহাতে, এলডিএফ ৩৫ খন আসনতে স্তব্ধ হয়। এনডিএয়ে লাভ কৰে ৩ খন আসন।
আনহাতে, পুডুচেৰীত এএনআৰচিয়ে ১৮ খন আসন লাভৰ বিপৰীতে কংগ্ৰেছে ৬ খন আসন লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। টিভিকেয়ে লাভ কৰিছে তিনিখন আসন।











