
মহাৰাষ্ট্ৰৰ পুনেৰ (Pune, Maharashtra) ৰেডিচন ব্লুত মহাৰাষ্ট্ৰ দিৱস (Maharashtra Day) উপলক্ষে এক মে’ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাট সৰ্ববাইবন্ধাৰ জিয়ৰী শুভাশ্ৰী বৰঠাকুৰে (Shubhashree Barthakur) (অঘা) শ্ৰেষ্ঠ ঘোষক (Best Anchar Maharashtra 2026) সন্মান লাভ কৰি অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ অনুষ্ঠানটিত শুভাশ্ৰীক এই সন্মান প্ৰদান কৰে জনপ্ৰিয় বিশিষ্ট মাৰাঠী অভিনেত্ৰী পূজা চাৱন্তই।

মহাৰাষ্ট্ৰৰ পুনেত অসমৰ শুভাশ্ৰী Emcee Argha ৰূপে পৰিচিত , তেওঁ বৰ্তমান পুনেত Voice artist, Model হিচাপে কৰ্মৰত। শুভাশ্ৰী বৰঠাকুৰে ইয়াৰ আগতেও মহাৰাষ্ট্ৰৰ পুনেত ২০২৫ চনত Best Anchor, ২০২২ চনত পুনে ফেষ্টিভেলত Best beautiful Smile and dental world beautiful smile সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। শুভাশ্ৰী বৰঠাকুৰ প্ৰাক্তন বেডমিন্টন খেলুৱৈ, ক্ৰীড়া সংগঠক, অ’এনজিছিৰ প্ৰাক্তন বিষয়া পবিত্ৰ বৰঠাকুৰ আৰু কবি জোনা বৰঠাকুৰৰ জ্যেষ্ঠ কন্যা।













