ASSAM TIMES POST
ডিফু : ডিফু নদী আবৰ্জনা নিষ্কাষণ কৰি ডিফু নদীৰ সৌন্দৰ্যবৰ্ধন কৰা অভিলাষী আঁচনিৰ জৰিয়তে ডিফু চহৰক অনন্য মাত্ৰা প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে ডিফু পৌৰ নিগমে ৷ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ’ সতীৰ্থ ৱাৰ্ড কমিছনাৰ তথা অভিযন্তা কৰ্মচাৰীয়ে নিজেই ডিফু নদীত নামি আৱৰ্জনা পৰিষ্কাৰ কৰাৰ দৃশ্য ও এতিয়া ডিফুত সুলভ ৷

কিন্তু পৌৰসভাৰ এনে সৎ প্ৰচেষ্টাইও সলনি কৰিব পৰা ডিফু চহৰৰ একাংশ ব্যৱসায়ীৰ মন ৷ ডিফু চহৰত আৱৰ্জনা পেলাই অভ্যস্থ হৈ পৰা ব্যৱসায়ী সকল এতিয়াও ডিফুত আৱৰ্জনা পেলাই ৰখা কাৰ্য ধৰা পেলাই আজি ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ’য়ে লগত সতীৰ্থ ৱাৰ্ড কমিচনাৰ, অভিযন্তা কৰ্মচাৰী লৈ ডিফু চহৰত এক অভিযান চলায় ৷
অভিযান চলাই ডিফু নদীত আৱৰ্জনা পেলোৱা ৫ খন দৰ্জী দোকানত তলা ওলোমাই দিয়ে ৷ ইয়াৰ পিছত অধ্যক্ষ গৰাকীয়ে ডিফু চহৰৰ পাৱাৰ হাউছৰ বজাৰলৈ গৈ মাছ- মাংস বিক্ৰেতা সকলক ডিফু নদীত আৱৰ্জনা নেপেলাবলৈ সতৰ্কবাণী শুনায় ৷ অন্যথা ১০ হাজাৰ টকালৈকে জৰিমনা বিহা হব বুলি কয় ক্ৰ’য়ে ৷
ডিফু নদীক সম্পূৰ্ণ আৱৰ্জনা মুক্ত আৰু বেদখলমুক্ত কৰাৰ সম্পূৰ্ণ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি সাংবাদিক অধ্যক্ষ ৰাহ ক্ৰ’ই জানিবলৈ দিছে ৷ ডিফুবাসীক নদী পৰিষ্কাৰ কৰিবলৈ আহ্বান জনায় অধ্যক্ষ গৰাকীয়ে ৷













