
সংসদ (Parliament)ৰ তিনিদিনীয়া বিশেষ অধিৱেশনত (Three-day special session) তিনিখন বিধেয়ক গৃহীত কৰিব বিচাৰিছে কেন্দ্ৰই। এই তিনিখন বিধেয়ক হ’ল মহিলা সংৰক্ষণৰ ১৩১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক, লোকসভাত সাংসদৰ সংখ্যা ৮৫০ জনলৈ বৃদ্ধিৰ বাবে আসন পুনৰ্গঠন বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক। বৃহস্পতিবাৰে বিয়লি লোকসভাত উত্থাপন কৰা হয় তিনিওখন বিধেয়ক। প্ৰায় ১২ ঘণ্টাৰ আলোচনাৰ অন্তত শুকুৰবাৰে বিয়লি সংসদৰ নিম্ন সদনত এই তিনিখন বিধেয়ক সন্দৰ্ভত ভোটগ্ৰহণ হ’ব পাৰে। এই বিধেয়ককেইখন লোকসভাত উত্থাপন কৰা হ’বনে নাই সেই সন্দৰ্ভত সদনৰ মজিয়াত ভোটগ্ৰহণ কৰা হয়। ইয়াত ২৫১ জন সাংসদে বিধেয়কখন উত্থাপন কৰাৰ সপক্ষে ভোটদান কৰে। ইয়াৰ বিৰুদ্ধে ১৮৫ জনে ভোটদান কৰে। সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা পোষ্ট কৰে। তেওঁ নাৰী সবলীকৰণ সন্দৰ্ভত বাৰ্তা প্ৰদান কৰে।
তেওঁৰ মতে, সংসদৰ বিশেষ অধিৱেশনত নাৰী সবলীকৰণৰ বাবে ‘ঐতিহাসিক পদক্ষেপ’ ল’বলৈ গৈ আছে। মহিলা সংৰক্ষণ বিধেয়কৰ ‘উদ্দেশ্য’ সন্দৰ্ভত বিৰোধী শিবিৰৰ সমালোচনা আৰু প্ৰশ্নৰ সন্মুখীন হ’লে প্ৰধানমন্ত্ৰীৰ এই বাৰ্তাক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হ’ব। কেন্দ্ৰই অনা তিনিখন বিধেয়কৰ ভিতৰত বিৰোধী দলসমূহে আসন পুনৰ বিন্যাসৰ সৈতে জড়িত বিধেয়কখনক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন কৰিছে। এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰই লোকসভাত সাংসদৰ সংখ্যা ৮৫০ জনলৈ বৃদ্ধি কৰিব বিচাৰিছে। মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “সংসদৰ বিশেষ অধিৱেশনত নাৰী সবলীকৰণৰ দিশত ভাৰতে এক ঐতিহাসিক পদক্ষেপ ল’বলৈ সাজু। যেতিয়া মাতৃ-ভগ্নীক সন্মান কৰা হয়, তেতিয়া দেশক সন্মান কৰা হয়। আমি এই পথত দৃঢ়তাৰে আগবাঢ়িছোঁ।” ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীয়ে নাৰী প্ৰশস্তিৰ গীতো পোষ্ট কৰে। সংসদত উত্থাপন কৰা তিনিখন বিধেয়কৰ খচৰা মঙলবাৰে সাংসদসকললৈ প্ৰেৰণ কৰা হয়। এই বিধেয়কসমূহ যদি দুয়োখন সদনত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে তেন্তে লোকসভাত আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮৫০ খনলৈ বৃদ্ধি পাব পাৰে।

আনহাতে, এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। ২০২৩ চনত লোকসভা আৰু ৰাজ্যসভাত ‘নাৰি শক্তি বন্দন অধিনিয়ম’ বিধেয়ক গৃহীত হয়। ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা বিধেয়কখনত লোকপিয়লৰ পিছত আসন পুনৰ আবণ্টন কৰা হ’ব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। কিন্তু বৰ্তমান কংগ্ৰেছ, তৃণমূল, ডিএমকেকে ধৰি বিভিন্ন বিৰোধী দলে লোকপিয়লৰ বাবে অপেক্ষা নকৰাকৈয়ে কেন্দ্রই দুটা পৃথক বিষয় একত্ৰিত কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই আসন পুনৰ আবণ্টন সন্দৰ্ভত বুধবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ডিএমকে নেতাসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। আসন পুনৰ আবণ্টনৰ বিৰোধিতা কৰি তেওঁ বৃহস্পতিবাৰে পুৱা বিধেয়কখনৰ খচৰা জ্বলাই দিয়ে। ৰাহুল গান্ধীয়েও কেন্দ্ৰক সমালোচনা কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “২০২৯ চনৰ নিৰ্বাচনৰ বাবে নিজৰ সুবিধাৰ বাবে সকলো লোকসভাৰ আসনতে হাত দিয়াটো বিজেপিৰ এক বিপজ্জনক পৰিকল্পনা।” এই বিধেয়ক সন্দৰ্ভত বুধবাৰে দিল্লীত বিজেপিবিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ প্ৰতিনিধিৰ বৈঠক অনুষ্ঠিত হয়। তাত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ লগতে ডিএমকেৰ টি আৰ বালু, আৰজেডিৰ তেজস্বী যাদৱ, তৃণমূলৰ সাগৰিকা ঘোষ, উদ্ধৱ সেনাৰ সঞ্জয় ৰাউত, এনচিপিৰ সুপ্ৰিয়া সুলেৰ লগতে সমাজবাদী পাৰ্টী, আই ইউ এম এল আৰু বাওঁ দলৰ প্ৰতিনিধি উপস্থিত থাকে।
কিন্তু কেন্দ্ৰই দাবী কৰিছে যে বিৰোধীয়ে বিষয়টোৰ ভুল ব্যাখ্যা কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বৃহস্পতিবাৰে কয়, “বিৰোধীয়ে আসন পুনৰ আবণ্টন বিধেয়ক সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰা উচিত নহয়। ইয়াৰ উদ্দেশ্যৰ ভুল ব্যাখ্যা কৰাটোও সঠিক নহয়। বিৰোধী দলসমূহলৈ মোৰ এটা অনুৰোধ আছে। অনুগ্ৰহ কৰি আসন পুনৰ আবণ্টনৰ বিষয়ে উৰাবাতৰি প্ৰচাৰ নকৰিব। আসন পুনৰ আবণ্টনৰ অজুহাতত মহিলাৰ সংৰক্ষণৰ বিৰোধিতা নকৰিব।”










