
“ৰাজনৈতিক উদ্দেশ্যত অপ্ৰয়োজনীয় খৰখেদা” বুলি বুধবাৰে বিৰোধীয়ে কৰা অভিযোগ আৰু সমালোচনাক আওকাণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা আসন বৃদ্ধি কৰি লোকসভাত মহিলাৰ বাবে সংৰক্ষণ প্ৰৱৰ্তন কৰিবলৈ ততাতৈয়া কৰিছে। সেই উদ্দেশ্যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশন। ‘নাৰী শক্তি বন্দন অধিনিয়ম’ শীৰ্ষক ১৩১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক (Constitutional Amendment Bill)ৰ সমান্তৰালকৈ আগন্তুক অধিৱেশনত আসন পুনৰ আবণ্টন বিধেয়কখনো উত্থাপন কৰা হ’ব।
মহিলাৰ বাবে সংৰক্ষণ (Reserved for women) প্ৰৱৰ্তন কৰি লোকসভাৰ আসন বৃদ্ধিৰ বাবে মুঠ তিনিখন বিধেয়ক আনিবলৈ গৈ আছে মোদী চৰকাৰে। মঙলবাৰে তেওঁলোকৰ খচৰা সাংসদসকললৈ প্ৰেৰণ কৰা হয়। সেইবোৰ হ’ল মহিলা সংৰক্ষণৰ ১৩১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক, লোকসভাত সাংসদৰ সংখ্যা ৮৫০ লৈ বৃদ্ধিৰ বাবে আসন পুনৰ আবণ্টন বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক। সংসদৰ দুয়োটা সদনত গৃহীত কৰি ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছত লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮৫০ খনলৈ বৃদ্ধি কৰিব পাৰিব। তাৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত হ’ব।
সংবিধানৰ ৮১ নং অনুচ্ছেদ অনুসৰি, লোকসভাত সৰ্বাধিক ৫৫২ খন আসন হ’ব পাৰে। ইয়াৰ ভিতৰত ৫৩০ খন বিভিন্ন ৰাজ্যৰ পৰা আৰু ২০ খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত হ’ব পাৰে। ৮১ নং অনুচ্ছেদ অনুসৰি ইয়াৰ পূৰ্বে এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ ২ জন সদস্যক লোকসভালৈ মনোনীত কৰা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ২০১৯ চনত সংবিধানৰ ১০৪ সংখ্যক সংশোধনীৰ জৰিয়তে ইয়াক বিলুপ্ত কৰা হৈছিল। এইবাৰ বিধেয়কখনে ৮২ নং অনুচ্ছেদ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। ৮২ নং অনুচ্ছেদ অনুসৰি লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পিছত সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব। কিন্তু লোকপিয়লৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে মোদী চৰকাৰে লোকসভাৰ আসন বৃদ্ধি কৰি মহিলা সংৰক্ষণৰ প্ৰৱৰ্তন কৰিব বিচাৰিছে।

লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে চৰকাৰৰ এই পদক্ষেপক সমালোচনা কৰি ছ’চিয়েল মিডিয়াত লিখিছে, “বিজেপিৰ এটা বিপজ্জনক পৰিকল্পনা হৈছে ২০২৯ চনৰ নিৰ্বাচনৰ বাবে লোকসভাৰ সকলো আসনত নিজৰ স্বাৰ্থ অনুকূল কৰি লোৱা। প্ৰস্তাৱিত বিধেয়কসমূহে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় সকলো সাংবিধানিক সুৰক্ষা ব্যৱস্থা আঁতৰাই পেলাইছে, যাৰ ফলত সীমা নিৰ্ধাৰণ আয়োগক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰা হৈছে, যাক চৰকাৰে নিজেই নিযুক্তি দিব আৰু চলাব।” বুধবাৰে দিল্লীত বিৰোধী দলসমূহৰ বৈঠকত মিলিত হৈ সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে কৌশল সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয়, “এই বিধেয়কখন বিপজ্জনক, কাৰণ ই গণতন্ত্ৰক বিপদত পেলাব। ইয়াৰ চৰ্তসমূহৰ পৰা সেয়া স্পষ্ট।” লগতে তেওঁ কয়, “২০২৩ চনত সৰ্বসন্মতিক্ৰমে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হৈছিল। সেই বিধেয়কখনৰ আঁৰত যোৱা তিনি বছৰত একো নকৰাকৈয়ে এতিয়া তেওঁলোকৰ সুবিধা অনুকূলে বৃহৎ পৰিসৰত আসন পুনৰ আবণ্টন কৰাৰ প্ৰস্তাৱ অনা হৈছে। এইটো গণতন্ত্ৰ হাইজেক কৰাৰ প্ৰয়াস।”
উল্লেখ্য যে ২০২৩ চনত লোকসভা আৰু ৰাজ্যসভাত ‘নাৰী শক্তি বন্দন অধিনিয়ম’ বিধেয়ক গৃহীত হোৱাৰ পাছতে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধেয়কখনে লোকপিয়লৰ পাছত আসন পুনৰ আবণ্টন কৰা হ’ব বুলি উল্লেখ কৰে৷ ইয়াৰ পিছত সেই আসনৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। কিন্তু এতিয়া কংগ্ৰেছ, তৃণমূলৰ লগতে বিভিন্ন বিৰোধী দলে লোকপিয়লৰ বাবে অপেক্ষা নকৰাকৈ দুটা পৃথক বিষয় একত্ৰিত কৰাৰ বাবে প্ৰশ্ন উত্থাপন কৰিছে।
বেণু উগোপালে কয়, ”এইবাৰ সংবিধান সংশোধনৰ উদ্দেশ্য নিৰ্বাচনী প্ৰক্ৰিয়া বিকৃত কৰা। আমি দাবী জনাইছোঁ যে বৰ্তমানৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰতে সংৰক্ষণ কাৰ্যকৰী হওক।” বুধবাৰে বিজেপিবিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ লগতে ডিএমকেৰ টি আৰ বালু, আৰজেডিৰ তেজস্বী যাদৱ, তৃণমূলৰ সাগৰিকা ঘোষ, শিৱসেনা (উদ্ধৱ) গোটৰ সঞ্জয় ৰাউত, এনচিপিৰ সুপ্ৰিয়া সুলেৰ লগতে সমাজবাদী পাৰ্টী, আই ইউ এম এল আৰু বাওঁপন্থী দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে।










