ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Woman killed Husband : ক’লা হোৱাৰ বাবেই স্বামীক হত্যা মহিলাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 10, 2026
Reading Time: 1 min read
A A
0
Woman killed Husband : ক’লা হোৱাৰ বাবেই স্বামীক হত্যা মহিলাৰ

RELATED POSTS

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

দেহৰ বৰণ ক’লা হোৱাৰ বাবেই এজন ব্যক্তিক পত্নীয়ে হত্যা (wife killed her husband) কৰে। কেৱল সেয়াই নহয়, পিছত গম পোৱা যায় যে তেওঁৰ দেহৰ ৰংটোৱেই ইয়াৰ একমাত্ৰ কাৰণ নহয়। মহিলাগৰাকীৰ বিবাহবহিৰ্ভূত প্ৰেমত বাধাৰ সৃষ্টি হোৱাত স্বামীক আঁতৰাই পেলোৱাৰো অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে সমগ্ৰ ঘটনাটোক ডকাইতিৰ ৰূপ দিয়াৰ প্ৰয়াস কৰা হয়। কিন্তু শেষ ৰক্ষা নহ’ল। প্ৰেমিকৰ লগত লগ লাগি স্বামীক হত্যা কৰাৰ অভিযোগত মহিলাগৰাকী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হয়। মধ্যপ্ৰদেশৰ ধৰ জিলা (Dhar district of Madhya Pradesh)ত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত মহিলাগৰাকীৰ (Accused woman) নাম প্ৰিয়ংকা পুৰোহিত (Priyanka Purohit)। স্বামী দেৱকৃষ্ণ পুৰোহিত (Husband Devakrishna Purohit)ক হত্যা কৰাৰ অভিযোগ (Allegation of murder) তেওঁৰ বিৰুদ্ধে। যোৱা ৭ এপ্ৰিলত দেৱকৃষ্ণৰ অংগচ্ছেদ কৰা মৃতদেহ ঘৰৰ পৰা উদ্ধাৰ হয়। আনহাতে তেওঁলোকৰ ঘৰটোও লণ্ড ভণ্ড হৈ আছিল। প্ৰথম অৱস্থাত প্ৰিয়ংকাই আৰক্ষীৰ আগত দাবী কৰিছিল যে ৰাতি এদল ডকাইত আহি সকলো লুটপাত কৰিছিল। তেওঁলোকে যেতিয়া বাধা দিবলৈ চেষ্টা কৰিছিল, তেতিয়া সিহঁতে দেৱকৃষ্ণক হত্যা কৰে। তেওঁক বান্ধি থয়। ইয়াৰ পিছত তেওঁলোকে গহনা আৰু ধন লুট কৰে। প্ৰিয়ংকাই দাবী কৰে যে ৩.৫০ লাখ টকাৰ গহনা লুট কৰা হৈছে।

মধ্যপ্ৰদেশৰ ধৰ জিলাত ক’লা হোৱাৰ বাবেই স্বামীক হত্যা পত্নীৰ 

কিন্তু প্ৰিয়ংকাৰ কথাত তদন্তকাৰীয়ে কিছু বিসঙ্গতি লক্ষ্য কৰে। ইয়াৰ ভিতৰত দেৱকৃষ্ণৰ পৰিয়ালে আৰক্ষীক জনোৱা মতে, বহুদিন ধৰি স্বামী-স্ত্ৰীৰ মাজত অশান্তিৰ সৃষ্টি হৈ আছিল। দেৱকৃষ্ণৰ ভগ্নীয়ে অভিযোগ কৰে যে ককায়েকক ছালৰ বৰণক লৈ বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল বৌৱেকে। আনকি তেওঁ কেতিয়াবা কৈছিল, “তোমাৰ ছালৰ ৰং ক’লা। তুমি মোৰ যোগ্য নহয়। মোৰ বাবে বহুত ভাল ল’ৰা শাৰীত থিয় হৈ আছে। তোমাতকৈ বহু ভাল ল’ৰা মোৰ কপালত থাকিব লাগিছিল।” অভিযোগ অনুসৰি, বৌৱেকে এই বিষয়টোক লৈ প্ৰায় প্ৰতিদিনে অশান্তিৰ সৃষ্টি কৰিছিল।

তদন্তকাৰীয়ে যেতিয়া প্ৰিয়ংকাক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকে গম পায় যে প্ৰিয়ংকাৰ এজন প্ৰেমিক আছে। নাম কমলেশ পুৰোহিত। তেওঁ ৰাজগড়ৰ বাসিন্দা। আৰক্ষীৰ সূত্ৰ অনুসৰি, দুয়োজনে দেৱকৃষ্ণক পথৰ পৰা আঁতৰ কৰাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ পিছত এক লাখ টকাত হত্যাকাৰীক ভাড়াত লৈছিল। লগতে ৫০ হাজাৰ টকাৰ আগধন দিয়া হয়। ঘটনাৰ নিশা হত্যাকাৰীয়ে দেৱকৃষ্ণৰ ঘৰত প্ৰৱেশ কৰে। তেওঁ আগতীয়াকৈ দুৱাৰখন খোলাকৈ থৈছিল। ফলত ঘৰৰ ভিতৰৰ বাটটো সহজ হৈ পৰে। টোপনিতে দেৱকৃষ্ণক হত্যা কৰা হয়। ইয়াৰ পিছতে হত্যাকাৰীয়ে পলায়ন কৰে। দেৱকৃষ্ণক হত্যা কৰাৰ পিছত প্ৰিয়ংকাই ঘৰৰ মানুহক মাতে। তেওঁলোকক কয় যে ডকাইতি হৈছে আৰু বাধা দিবলৈ যোৱাত দেৱকৃষ্ণক হত্যা কৰা হৈছে। কিন্তু তদন্তৰ সময়ত আৰক্ষীয়ে গম পায় যে প্ৰিয়ংকাই কোৱা গহনা লুট হোৱাৰ কথা সম্পূৰ্ণ মিছা। ঘৰটোৰ পৰাই উদ্ধাৰ কৰা হয় গহনা। ইয়াৰ লগে লগে প্ৰিয়ংকাক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ তথ্যৰ ভিত্তিত প্ৰেমিক কমলেশকো গ্ৰেপ্তাৰ কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DharKillingWomankilledHusband
Share4Tweet3Send

Related Posts

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ
National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

by News Desk
September 14, 2026
50
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

by News Desk
September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

by News Desk
September 14, 2026
50
BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা
National-International

BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

by News Desk
September 14, 2026
50
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

by News Desk
September 12, 2026
51
ADVERTISEMENT
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ
National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026
50
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d