
বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে পক্ষাঘাতগ্ৰস্ত স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী পত্নীৰ বিৰুদ্ধে। কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে আবলাহল্লী থানাৰ আৰক্ষীয়ে মৃতকৰ পত্নী শ্বাহিনা বানু, শাহুৱেক হাছিনা বানু আৰু পত্নীৰ প্ৰেমিক নাহিমুদ্দিন কুৰেশ্বীক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৯ ছেপ্টেম্বৰত বেংগালুৰুৰ কিঠাগানুৰত এই ঘটনা সংঘটিত হয়। মৃত লোকজনৰ নাম মোবাৰক। মোবাৰক আৰু শ্বাহিনাৰ বিবাহৰ প্ৰায় ২০ বছৰ হ’ল। বিগত দুবছৰ ধৰি ৪০ বছৰীয়া মোবাৰক পক্ষাঘাতৰ বাবে বিছনাত পৰি আছিল। অসুস্থ স্বামীৰ সেৱা কৰি ভাগৰি পৰা বুলি আৰক্ষীক জনায় শ্বাহিনাই।

ইয়াৰ মাজতে শ্বাহিনাই তেওঁলোকৰ অসুস্থ কন্যাৰ চিকিৎসাক লৈ কুৰেশ্বীক লগ পায় আৰু পিছলৈ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। অভিযোগ অনুসৰি, প্ৰেমিকৰ পৰামৰ্শমতে শ্বাহিনাই মাতৃ হাছিনাৰ সৈতে মোবাৰকক টোপনিতে ডিঙি চেপি হত্যা কৰে।
হত্যাকাণ্ডৰ পিছত শ্বাহিনাই আত্মীয়ক কয় যে তেওঁৰ স্বামীৰ হাৰ্ট এটেকত মৃত্যু হৈছে। কিন্তু মৃতকৰ ভাতৃয়ে সন্দেহ কৰাৰ লগে লগে আবলাহল্লী থানাৰ কাষ চাপে। পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পায় যে তেওঁক ডিঙি চেপি হত্যা কৰা হৈছে। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, মৃতকৰ ব্যক্তিগত অংগতো আঘাতৰ চিন পোৱা গৈছে।











