
নিৰ্বাচন আয়োগে (Election Commission) ভোটগ্ৰহণৰ প্ৰাকক্ষণত আৰু ভোটগ্ৰহণৰ দিনটোত বাতৰিকাকত (Newspaper)ত ৰাজনৈতিক বিজ্ঞাপন (Political advertisement)ৰ ক্ষেত্ৰত বাধা আৰোপ (Impose restrictions) কৰাৰ দিশত আগবাঢ়িছে। ইতিমধ্যে কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়া (Chief Electoral Officer of Kerala)ই এই সন্দৰ্ভত ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীক নিৰ্দেশনা জাৰি কৰিছে।
৯ এপ্ৰিলত কেৰালাৰ ১৪০টা বিধানসভা সমষ্টিত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আয়োগৰ নিৰ্দেশত উল্লেখ আছে যে ৮ এপ্ৰিল আৰু ৯ এপ্ৰিলত কোনো ৰাজনৈতিক বিজ্ঞাপন ‘ছপা মাধ্যম’ (বাতৰিকাকত, আলোচনী আদি)ত প্ৰকাশ কৰিব নোৱাৰিব। নিৰ্দেশনাত উল্লেখ আছে যে যিকোনো বিজ্ঞাপনৰ বিষয়বস্তু আয়োগৰ ৰাজ্যিক বা জিলা পৰ্যায়ৰ ‘মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি (এম চি এম চি)ৰ পূৰ্ব অনুমোদন দিব লাগিব। উল্লেখ্য যে ৯ এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব অসম। সেয়ে এতিয়া অসমতো এনে নিৰ্দেশনা জাৰি হোৱাৰ সম্ভাৱনা আছে।

শুকুৰবাৰে মাজনিশা কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়া ৰতন উকেলকাৰে এক নিৰ্দেশ জাৰি কৰি কয়, “নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ত ছপা মাধ্যমত প্ৰকাশ পোৱা আপত্তিজনক, বিভ্ৰান্তিকৰ বা উচটনিমূলক বিজ্ঞাপনে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষতি কৰিব পাৰে। ইমান গুৰুত্বপূৰ্ণ সময়ত প্ৰভাৱিত দল আৰু প্ৰাৰ্থীসকলে প্ৰায়ে প্ৰয়োজন অনুসৰি সঁহাৰি জনোৱাৰ সুযোগ নাপায়, সেয়েহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।”
সংবিধানৰ ৩২৪ নং অনুচ্ছেদৰ অধীনত ক্ষমতা প্ৰয়োগ কৰি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে নিৰ্দেশ দিয়ে যে কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী, সংগঠন বা ব্যক্তিয়ে ৮ আৰু ৯ এপ্ৰিলত ছপা মাধ্যমত কোনো বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব, যদিহে ইয়াৰ বিষয়বস্তুৰ সন্দৰ্ভত ৰাজ্য বা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা পূৰ্বৰ অনুমোদন লাভ নকৰে। ৩২৪ অনুচ্ছেদত নিৰ্বাচন আয়োগক নিৰ্বাচন পৰিচালনা, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা প্ৰদান কৰা হৈছে। গাইডলাইনত উল্লেখ আছে যে আবেদনকাৰীয়ে প্ৰস্তাৱিত বিজ্ঞাপন প্ৰকাশৰ তাৰিখৰ কমেও দুদিন পূৰ্বে ৰাজ্য বা জিলা এম চি এম চিত খচৰা বিষয়বস্তু দাখিল কৰিব লাগিব।











