ASSAM TIMES POST
নিউজ ডেস্ক
সুদীৰ্ঘ সাত বছৰৰ পিছত আজি কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আদালতে দিব কিশোৰ ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান।উল্লেখ যে ২০১৩চনৰ ২৫জুনত ডিফু চহৰৰ ৰাজপথত দিন-দুপৰতে পিতৃ হৰেন শইকীয়া তথা আৰক্ষীৰ সন্মুখতে মাত্ৰ দহ টকাৰ বাবে এদল উন্মাদ জনতা আক্ৰমণত প্ৰথমে আহত তাৰ পিছত ১জুলাইত প্ৰাণ হেৰুৱাইছিল কিশোৰ ঝংকাৰে।

পুত্ৰ ওপৰত চলা মানুহ ৰূপী দানৱৰ নিৰ্মম আক্ৰমণ সেই সময়ত স্ব-চক্ষুৰে প্ৰত্যক্ষ কৰিছিল ঝংকাৰ অধিবক্তা পিতৃয়ে।গুৰুত্বপূৰ্ণ কথা এই যে সমগ্ৰ ঘটনাটোৰ সাতবছৰে বিচাৰৰ পিছত ন্যায়াধীশ আবিৰুদ্দিন আহমেদ বিচাৰপীঠে আজি প্ৰদান কৰিব চূড়ান্ত ৰায়দান।পিতৃৰ সৈতে বজাৰলৈ অহাৰ সময়তে সংঘটিত হোৱা নিৰ্মম ঘটনাটোত জড়িত ১৬টা অভিযুক্ত বিৰুদ্ধে আদালতে প্ৰদান কৰিব চূড়ান্ত ৰায়।
তাৰ ভিতৰত আছে দুজন আৰক্ষীৰ ক্ৰমে ৰমেশ নাথ আৰু হাৰুণ বৰা।বাকী ১৪জন অভিযুক্ত বৰ্তমান ডিফু কাৰাগাৰত আছে। আনহাতে ন্যায়ালয়ৰ ৰায়ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।ন্যায়ালয়ৰ ৰায়লৈ বাট চাইছে ৰাজ্যবাসীয়ে।দুৰ্ভগীয়া পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল ঝংকাৰ। উল্লেখ যে বহু সময়ত বিষয়টো বিচাৰত লেহেমীয়া হোৱা বুলি অভিযোগ উথাপন কৰিছিল দুৰ্ভগীয়া অধিবক্তা পিতৃয়ে।তাৰ পিছতে ৰাজ্য চৰকাৰৰ তৎপৰতাত আজি প্ৰদান কৰা হব চূড়ান্ত ৰায়দান।












