ASSAM TIMES POST
ডিফু : আজি ডিফুত “কাৰবি ইতিহাস লিখনৰ অপৰিহাৰ্য নিৰ্দেশনা” শীৰ্ষক এক কৰ্মশালা সম্পম্ন হৈ যায় ৷ ডিফু ৰংকিমিস্থিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰবি ভাষা অধ্যয়ণ কেন্দ্ৰত কৰ্মশালাটি অনুষ্ঠিত হয় ৷ অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ইতিহাস বিভাগৰ সমল ব্যক্তি সহকাৰী প্ৰৱক্তা ডাঃ বুলি ধনৰাজুয়ে কাৰবি ভাষা লিখনৰ বাবে গৱেষণাৰ পদ্ধতি আৰু সঁজুলি সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷


ৰুকাছেন মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী প্ৰৱক্তা ডাঃ হাৰবি ইংতি কাথাৰপী আৰু ইষ্টাৰ্ণ কলেজৰ মণ্ডল টেৰণ, সাংস্কৃতিক কৰ্মী ছায়ছিং ৰংপী, কেচিএছৰ কামছিং ইংতি কাৰবি ইতিহাস লিখনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বক্তব্য আগবঢ়ায় ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যক্তি সকলে এতয়ালৈকে তেওঁলোকৰ ইতিহাস নথকা ওপৰত বক্তব্য ৰাখে ৷
ইতিহাসত তেওঁলোকৰ পূৰ্ব পূৰুষ আৰু যুদ্ধা সকলৰ কাহিনী অন্তৰ্ভূক্ত কৰাৰ বাবে মত পোষণ কৰে ৷ ১১ মাৰ্চত একেস্থানত পুৱা ১১ বজাত পৰৱৰ্তী সভা অনুষ্ঠিত হব বুলি জনাইছে উক্ত কৰ্মশালাত ডিফু কলেজৰ সহকাৰী প্ৰৱক্তা ৰিচাৰ্ড ইংতি উপস্থিত আছিল চেণ্টাৰ ফৰ ষ্টাডিজ কাৰবি লেংগুৱেজ ডিব্ৰৱগড় ইউনিভাৰচিটি ডিফু কেন্দ্ৰৰ প্ৰগ্ৰাম কো- অৰ্ডিনেটৰ লংচিং টেৰণে জানিবলৈ দিছে ৷













