
পশ্চিম এছিয়াৰ যুদ্ধ (West Asia war)ৰ নেতিবাচক প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সাতটা ক্ষমতাপ্ৰাপ্ত গোট গঠন (Forming a competent group) কৰিছে। মঙলবাৰে ৰাজ্যসভাত এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)য়ে। তেওঁ কয়, “এই যুদ্ধই বিশ্বজুৰি এক ভয়াৱহ শক্তি সংকটৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে শক্তি, যোগান শৃংখল আৰু সাৰসহ বিভিন্ন বিষয়ত কৌশল ৰচনা কৰিবলৈ সাতটা ক্ষমতাশালী গোট গঠন কৰিছে। তেওঁ কয় যে কোভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ এনে ক্ষমতাসম্পন্ন গোট গঠন কৰা হৈছিল।” এই সংকটজনক পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সকলো উৎসৰ পৰা গেছ আৰু খাৰুৱা তেল ক্ৰয় (Buy Oil) কৰাৰ চেষ্টা চলাইছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় যে দিনতো এই প্ৰচেষ্টা অবিৰতভাৱে চলি থাকিব। কেন্দ্ৰীয় চৰকাৰে বুধবাৰে সন্ধিয়া ৫ বজাত সৰ্বদলীয় বৈঠক আহ্বান কৰি বিষয়টোৰ ওপৰত আলোচনা কৰিব। অৱশ্যে এই বৈঠকত উপস্থিত নাথাকিব প্ৰধানমন্ত্ৰী। এই বৈঠকত চৰকাৰক প্ৰতিনিধিত্ব কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকিব বুলি মঙলবাৰে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও কয়।

কৃষি খণ্ডত সাৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ দাবী কৰে যে বিগত দশকত সমগ্ৰ দেশতে যিবোৰ ইউৰিয়া সাৰ (Urea fertilizer) উদ্যোগ নিৰ্মাণ কৰা হৈছে, সেইবোৰে ঘৰুৱা চাহিদা পূৰণৰ ক্ষেত্ৰত বহু পৰিমাণে ফলপ্ৰসূ হ’ব। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিয়ে সৃষ্টি কৰা সংকটৰ সুবিধা লোৱাৰ ক্ষেত্ৰত এক শ্ৰেণীৰ অসাধু ব্যৱসায়ী সক্ৰিয় হ’ব পাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজ্য চৰকাৰসমূহক ক’লা বজাৰ আৰু মজুতকৰণ ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। চৰকাৰে এই সংকটৰ প্ৰতিটো দিশৰ সৈতে মোকাবিলা কৰিবলৈ এক বিস্তৃত কৌশলৰ কাম কৰি আছে- সেয়া হ্ৰস্বম্যাদী, মধ্যম্যাদী বা দীৰ্ঘম্যাদী প্ৰভাৱ হওক।” শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টা সন্দৰ্ভত তেওঁ কয়, “বিগত ১১ বছৰত ৫৩ লাখ মেট্ৰিক টন কৌশলগত ইন্ধন তেলৰ মজুত সৃষ্টি হৈছে আৰু অতিৰিক্ত ৬৫ লাখ মেট্ৰিক টন ক্ষমতা সৃষ্টিৰ কাম চলি আছে।”
ৰাজ্যসভাত প্ৰধানমন্ত্ৰীয়ে কয় যে ইতিমধ্যে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ এটা গোট গঠন কৰা হৈছে। ই নিয়মিতভাৱে বৈঠকত মিলিত হৈ আমদানি-ৰপ্তানি প্ৰক্ৰিয়াত কোনো সমস্যা আছে নেকি সেইটো পৰ্যালোচনা কৰে আৰু প্ৰয়োজনীয় সমাধান নিৰ্ধাৰণৰ বাবে কাম কৰি আছে। সাতটা শক্তিশালী গোটৰ কাম-কাজৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয়, “এই গোটসমূহে যোগান শৃংখল, পেট্ৰ’লিয়াম আৰু ডিজেল, সাৰ, প্ৰাকৃতিক গেছ আৰু মূল্যবৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী কৌশল অনুসৰণ কৰিব। মই সম্পূৰ্ণ আত্মবিশ্বাসী যে এই সামূহিক প্ৰচেষ্টাৰ জৰিয়তে আমি বৰ্তমানৰ পৰিস্থিতিৰ সৈতে সফলতাৰে মোকাবিলা কৰিবলৈ সক্ষম হ’ম।” তেওঁ কয় যে পশ্চিম এছিয়াৰ যুদ্ধ চিন্তনীয় আৰু ভাৰতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে অঞ্চলটোত শান্তি বিচাৰে। তেওঁ কয় যে ভাৰতৰ লক্ষ্য হৈছে সকলো পক্ষকে সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ উৎসাহিত কৰা, উত্তেজনা হ্ৰাস কৰি হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ লক্ষ্য। যদিহে পশ্চিম এছিয়াত সংকট দীৰ্ঘদিন ধৰি চলি থাকে তেন্তে গুৰুতৰ পৰিণতি অনিবাৰ্য।”











