
পশ্চিম এছিয়াত সংঘাত তীব্ৰতৰ হোৱাৰ লগে লগে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) দেশবাসীক সাজু আৰু সজাগ হ’বলৈ আহ্বান জনায়। ইয়াৰ উপৰি তেওঁ কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশবাসীয়ে কেনেদৰে একত্ৰিত হৈছিল তাৰ উদাহৰণ দাঙি ধৰে।

লোকসভাত ভাষণ দি তেওঁ কয়, “পশ্চিম এছিয়াৰ সংঘাতৰ বাবে বিশ্বজুৰি যি কঠিন পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া দীৰ্ঘস্থায়ী হ’ব বুলি আশা কৰা হৈছে।”
সোমবাৰে লোকসভাত মোদীয়ে কয়, “বৰ্তমানৰ এই সংঘাতৰ বাবে বিশ্বজুৰি সৃষ্টি হোৱা কঠিন পৰিস্থিতিৰ প্ৰভাৱ দীৰ্ঘস্থায়ী হ’ব বুলি আশা কৰা হৈছে। গতিকে আমি সাজু, একত্ৰিত হ’ব লাগিব। কোভিড মহামাৰীৰ সময়ত আমি একতাৰে এনে পৰিস্থিতিৰ সন্মুখীন হ’লোঁ। একেদৰে এইবাৰো আমি সাজু হ’ব লাগিব। প্ৰতিটো প্ৰতিকূলতাৰ সন্মুখীন হ’ব লাগিব ধৈৰ্য আৰু অধ্যৱসায়েৰে। এইটোৱেই আমাৰ পৰিচয়, আমাৰ শক্তি।”
সাম্প্ৰতিক পৰিস্থিতিৰ সুযোগ ল’বলৈ বহুতে চেষ্টা কৰিব বুলিও মোদীয়ে উল্লেখ কৰে। ভুৱা বাতৰি প্ৰচাৰ কৰা আৰু মজুতকৰণ আৰু ক’লা ব্যৱসায়ত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰসমূহক সজাগ হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায়।
তেওঁ কয়, “যেতিয়া এনে সংকটৰ সৃষ্টি হয় তেতিয়া একাংশ লোকে অন্যায়ভাৱে সুবিধা ল’বলৈ চেষ্টা কৰে। সেয়েহে আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বত থকা সকলো সংস্থাক সতৰ্ক কৰি দিয়া হৈছে। সেয়া উপকূলীয় নিৰাপত্তা হওক, সীমান্ত সুৰক্ষা হওক, চাইবাৰ সুৰক্ষা হওক বা কৌশলগত ভিত্তি হওক, সকলোৰে নিৰাপত্তা শক্তিশালী কৰা হৈছে। যদি প্ৰতিখন চৰকাৰ আৰু দেশৰ প্ৰতিজন নাগৰিক একত্ৰিত হয়, তেন্তে আমি প্ৰতিটো বাধা অতিক্ৰম কৰিব পাৰিম।”
পশ্চিম এছিয়া সংকটৰ দীৰ্ঘম্যাদী বাণিজ্য আৰু অৰ্থনৈতিক পৰিণতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে ভাৰত বৰ্তমান উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
তেওঁ কয়, “পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি উদ্বেগজনক। যোৱা কেইদিনমানৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই বিষয়ে সংসদক অৱগত কৰিছে। এতিয়া তিনি সপ্তাহতকৈও অধিক সময় ধৰি এই সংকট চলি আছে। গোলকীয় অৰ্থনীতি আৰু মানুহৰ জীৱনত ইয়াৰ বিৰূপ প্ৰভাৱ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। সেয়েহে সকলো পক্ষকে এই সংকটৰ আগতীয়া সমাধান বিচাৰিবলৈ আহ্বান জনাইছোঁ।”
হৰমুজ প্ৰণালীৰ মাজেৰে শক্তি যোগান ব্যাহত হোৱাৰ আশংকা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে অৱশ্যে সংসদত সকাহৰ বাৰ্তা প্ৰদান কৰে। সোমবাৰে তেওঁ লোকসভাত কয় যে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত এতিয়া অতি শক্তিশালী অৱস্থাত আছে। বৰ্তমান দেশত ৫৩ লাখ মেট্ৰিক টন পেট্ৰ’লিয়ামৰ মজুত আছে। চৰকাৰে ইয়াক ৬৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে।











