
এটা বৃহৎ বিস্ফোৰণে জোকাৰি গৈছে আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ তেল শোধনাগাৰক (US Refinary blast) । ধাৰাবাহিক বিস্ফোৰণে কঁপায় চাৰিওফালৰ অঞ্চল।

বিস্ফোৰণৰ পিছত শোধনাগাৰৰ পৰা ওলোৱা অগ্নিপিণ্ড আৰু ক’লা ধোঁৱাই আকাশখন আগুৰি ধৰে। এই ঘটনাত অঞ্চলবাসীৰ মাজত আতংক বিয়পি পৰে। জানিব পৰা মতে, স্থানীয় সময় অনুসৰি সোমবাৰে নিশা টেক্সাছৰ এটা তেল শোধনাগাৰত বিস্ফোৰণ সংঘটিত হয়।
প’ৰ্ট আৰ্থাৰৰ ওচৰৰ এই তেল শোধনাগাৰত প্ৰতিদিনে ৩ লাখ ৮০ হাজাৰ বেৰেল খাৰুৱা তেল শোধন কৰা হয়। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে ইয়াৰ প্ৰভাৱ প’ৰ্ট আৰ্থাৰ, গ্ৰ’ভছ আৰু নেডাৰলেণ্ডতো পৰে।
স্থানীয় সংবাদ মাধ্যমত দাবী কৰা হৈছে যে বিস্ফোৰণৰ লগে লগে তিনিওটা অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিয়া হয়। অৱশ্যে বিস্ফোৰণৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। টেক্সাছৰ এই তেল শোধনাগাৰত হোৱা বিস্ফোৰণে পশ্চিম এছিয়াৰ সামৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত আতংক বৃদ্ধি কৰিছে।
জল্পনা-কল্পনাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এই শোধনাগাৰটোত আক্ৰমণ হৈছিল নে এয়া কেৱল দুৰ্ঘটনা আছিল সেই সন্দৰ্ভত তেল শোধনাগাৰ কৰ্তৃপক্ষই কোনো বিবৃতি প্ৰকাশ কৰা নাই। প্ৰশাসনৰ এক সূত্ৰৰ মতে এয়া এক দুৰ্ঘটনা। অৱশ্যে সকলো দিশৰ তদন্ত চলি আছে।
ইজৰাইল আৰু আমেৰিকাই একেলগে ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান চলাই আছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ শক্তি কেন্দ্ৰসমূহত আক্ৰমণ কৰা হ’ব বুলি সকীয়াই দিছিল। যদিও এই সিদ্ধান্ত ৫ দিনৰ বাবে পিছুৱাই দিয়া হৈছে, তথাপিও সামৰিক অভিযান অব্যাহত আছে।
ট্ৰাম্পৰ সতৰ্কবাণীৰ পিছতো ইৰাণে আমেৰিকাৰ শক্তি কেন্দ্ৰসমূহকো আক্ৰমণ কৰিব বুলি সকীয়াই দিছে। এই ভাবুকি আৰু প্ৰতিভাবুকি আৰু পশ্চিম এছিয়াৰ এই সামৰিক সংঘাতৰ পৰিৱেশে আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ তেল শোধনাগাৰ টেক্সাছৰ বিস্ফোৰণৰ বিষয়ে জল্পনা-কল্পনাক আৰু অধিক ইন্ধন যোগাইছে।










